নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত জৰুৰী সেৱাৰ কর্মীক প্রদান ক’ৰোনাৰ ভেকচিন

অনুমোদনহীন ভেকচিনক লৈ উদ্বিগ্ণ বিশ্ব স্বাস্থ্য সংস্থা

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ প্রতিৰোধী কোনো ভেকচিন এতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱা নাই যদিও চীনে নিজস্বভাৱে প্রস্তুত কৰা এবিধ ভেকচিন জৰুৰী সেৱাত জড়িত হাজাৰ হাজাৰ কর্মীক প্রদান কৰিছে৷ ইয়াৰ লগে লগে বিশেষজ্ঞ চিকিৎসকসকলে গভীৰ উদ্বেগ প্রকাশ কৰিছে৷

লক্ষণীয়ভাৱে বেইজিং প্রশাসনে এই সন্দর্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে আলোচনা চলাইছে যদিও সংস্থাটোৱে বেইজিঙক এইক্ষেত্রত কোনোধৰণৰ অনুমতি প্রদান কৰা নাই৷ অনুজ্ঞাপত্র নোহোৱাকৈ প্রস্তুত কৰা এই ভেকচিন আন্তর্জাতিক বজাৰত মুকলি কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমতি বিচাৰি দেশখনে আবেদন জনাইছে৷

সংস্থাটোৰ সমন্বয়ৰক্ষী বিষয়া ছ’ক’ৰো এছকালাটে এইক্ষেত্রত গভীৰ উদ্বেগ প্রকাশ কৰি কৈছে যে ক্লিনিকেল পৰীক্ষা সম্পন্ন নোহোৱা ভেকচিন মানৱ শৰীৰত প্রয়োগ কৰিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷

You might also like