নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ ট্রেক্টৰ সমদলত বাধা নিদিয়ে ছুপ্রিম ক’র্টে

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসত দিল্লীত প্রতিবাদী কৃষকে ট্রেক্টৰ সমদল উলিয়াবলৈ সিদ্ধান্ত লোৱা বিষয়টো সন্দর্ভত উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ তিনিখন কৃষি আইন বাতিলৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকে গণৰাজ্য দিৱসৰ দিনা ৰাজধানী দিল্লীত ট্রেক্টৰ সমদল উলিয়াব বুলি হুংকাৰ দিছে৷

সোমবাৰে শীর্ষ আদালতখনে উল্লেখ কৰিছে যে এয়া আইন–শৃংখলাৰ বিষয়৷ গতিকে এই সন্দর্ভত দিল্লী আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে তাক লৈ সিদ্ধান্ত গ্রহণ কৰাৰ অধিকাৰ আছে আৰক্ষীৰ৷ কৃষকৰ প্রস্তাৱিত ট্রেক্টৰ সমদল বন্ধ কৰাৰ নির্দেশ দিব লাগে বুলি দাখিল হোৱা এক আবেদনৰ শুনানি গ্রহণ কৰি এই কথাও ন্যায়ালয়ে ঘোষণা কৰিছে যে কেন্দ্রীয় চৰকাৰে বিষয়টোৰ মোকাবিলা কৰিবলৈ নিজে চিন্তা–চর্চা চলোৱা উচিত৷ যিহেতু আইন–শৃংখলাৰ বিষয়, তাক ৰক্ষা কৰাৰ দায়িত্ব আৰক্ষী প্রশাসনৰ হাতত আছে৷ অর্থাৎ দিল্লী আৰক্ষীয়ে প্রস্তাৱিত এই ট্রেক্টৰ সমদল আইন–শৃংখলা ৰক্ষাৰ বাবে নিষিদ্ধ কৰিবও পাৰে৷

দিল্লীত গণৰাজ্য দিৱসৰ দিনা কাক প্রৱেশৰ অনুমতি দিব সেয়া আৰক্ষীয়ে নিশ্চিত কৰিব বুলিও শীর্ষ আদালতখনে ঘোষণা কৰিছে৷ এইক্ষেত্রত ন্যায়ালয়ে কোনোধৰণৰ হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰি দিছে৷ ইফালে ট্রেক্টৰ সমদল সন্দর্ভত আৰক্ষী প্রশাসন বা চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰা উচিত তাক লৈও কোনোধৰণৰ পৰামর্শ নিদিয়ে শীর্ষ আদালতখনে৷ এইক্ষেত্রত প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰিব লাগিব তাক চিন্তা কৰা উচিত বুলিহে আজি শীর্ষ আদালতখনে স্পষ্ট কৰি দিছে৷ বিষয়টো সন্দর্ভত পৰৱর্তী শুনানিৰ দিন হিচাপে ২০ জানুৱাৰীত থিৰাং কৰিছে উচ্চতম ন্যায়ালয়ে৷

You might also like