নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চম ভাৰতীয়; গাব্বাত ৫ উইকেটেৰে অভিলেখ চিৰাজৰ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে চতুর্থ টেষ্টৰ দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰি নজিৰ সৃষ্টি কৰিছে উদীয়মান তাৰকা মহম্মদ চিৰাজে৷ আজি চতুর্থ দিনৰ খেলত প্রতিভাৱান বেগী বলাৰগৰাকীয়ে ৭৩ ৰানৰ বিনিময়ত ৫টা উইকেট দখলৰ কৃতিত্ব অর্জন কৰে৷ মন কৰিবলগীয়া যে ব্রিছবেনৰ ঐতিহাসিক গাব্বা ক্রিকেট গ্রাউণ্ডত পাঁচ বা ততোধিক উইকেট দখল কৰা তেওঁ হ’ল ভাৰতৰ পঞ্চমগৰাকী খেলুৱৈ৷ ইয়াৰ পূর্বে এৰাপল্লি প্রসন্ন, বিষেণ সিং বেদী, মদনলাল আৰু জাহিৰ খানে এই মাইলষ্ট’নত উপনীত হৈছিল৷ এৰাপল্লি প্রসন্নই ১৯৬৮, বিষেণ সিং বেদী ১৯৭৭, মদনলালে ১৯৭৭ আৰু জাহিৰ খানে ২০০৩ চনত গাব্বা ক্রিকেট গ্রাউণ্ডত পাঁচ বা ততোধিক উইকেট দখল কৰিছিল৷ উল্লেখ্য যে চলিত শৃংখলাটোত আঘাতৰ বাবে ভাৰতৰ আগশাৰীৰ বেগী বলাৰসকল বাহিৰ হোৱাত উদীয়মান বলাৰ চিৰাজে অভিষেক ঘটোৱাৰ সুযোগ পাইছে৷

You might also like