নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাটচ এপৰ যোগেদি বুকিং কৰিব পাৰিব চিলিণ্ডাৰ..মাত্ৰ এই কেইটা কাম কৰিব লাগিব

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ ইণ্টাৰেটৰ জৰিয়তে বৰ্তমান সময়ত বহু কাম সমাধা হয়। যাৰ বাবে সময় ৰাহি হোৱা দেখা গৈছে। এতিয়াৰে পৰা হুৱাটএচ যোগে ঘৰতে বহি ঘৰুৱা চিলিণ্ডাৰ বুকিং কৰিব পাৰিব।গেছ কোম্পানীয়ে সমূহে নিজৰ গ্ৰাহক সকলক এই সুবিধা প্ৰদান কৰিছে।

গ্ৰাহক সকলে নিজৰ ৰেজিষ্টাৰ্ড মবাইল নম্বৰৰ জৰিয়তে বুকিং কৰিব পাৰিব। গেছ কোম্পানী বিলাকে জাৰি কৰা নিদিষ্ট নম্বৰ বিলাকৰ জৰিয়তে বুকিং কৰিব পাৰিব।

INDANE গেছ হোৱাটচ এপ নম্বৰ হৈছে 7588888824। কেৱল REFILL টাইপ কৰি পঠিয়াব লাগিব। তাৰ পিছত গ্ৰাহকে ইয়াৰ ৰচিদ পাই যাব আৰু  ঘৰৰ ঠিকনাত চিলিণ্ডাৰ ডেলিভাৰ কৰা হ’ব।

আনহাতে HINDUSTAN PETROLIUM ৰ হোৱাটচ এপ নম্বৰ হৈছে 9222201122 । ইয়াত কেৱল HP গেছ বুলি লিখি পঠাব লাগিব। ইয়াৰ পিছক গ্ৰাহকলৈ এটা মেচেজ আহিব, আপুনি চিলিণ্ডাৰ বুক কৰিব নেকি , তেতিয়া  হয় বুলি লিখি দিব লাগিব। ইয়াৰ পিছত গ্ৰাহকৰ চিলিণ্ডাৰ বুকিং হৈ যাব।

You might also like