নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত ইতিহাস হ’ল কংগ্রেছ–বাঁওপন্থী দল; নাপালে এখনো আসন

নিয়মীয়া বাৰ্তা ৪ মেঃ  পশ্চিমবংগত ইতিহাস হ’ল শতিকাপুৰণি কংগ্রেছ দল৷ তেনেদৰে দশক দশক ধৰি পশ্চিমবংগ শাসন কৰা বাঁওপন্থী দলো ইতিহাস হ’ল৷ পশ্চিমবংগ বিধানসভা নির্বাচন ২০২১ৰ ঘোষিত ফলাফলত কালি কংগ্রেছ দলে এখনো আসন লাভ কৰিব নোৱাৰিলে৷ ঠিক তেনেদৰে এসময়ৰ বাঁওপন্থীৰ দুর্গ বুলি চর্চিত ৰাজ্যখনৰ যোৱা নির্বাচনত এখনো আসন লাভ কৰিব নোৱাৰিলে বাঁওপন্থী দলসমূহে৷ ২৯৪জনীয়া বিধানসভাৰ নির্বাচন অনুষ্ঠিত হোৱা ২৯২খন আসনৰ ভিতৰত শাসকীয় তৃণমূল কংগ্রেছে ২১৩খন আসন লাভ কৰাৰ বিপৰীতে কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে লাভ কৰে ৭৭৷

ইয়াৰ বিপৰীতে ইণ্ডিয়ান ছেকুলাৰ ফ্রণ্ট আৰু নির্দলীয়ই এখনকৈ আসন লাভ কৰিবলৈ সক্ষম হয়৷ গুৰুত্বপূর্ণ যে কংগ্রেছ আৰু বাঁওপন্থী দলসমূহে এই নির্বাচনত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছিল যদিও এখন আসনতো বিজয় সাব্যস্ত কৰিব নোৱাৰিলে৷ শতিকাপুৰণি কংগ্রেছ দলটোৱে আই এছ এফৰ সৈতে মিলিত হৈ নির্বাচনত অৱতীর্ণ হৈছিল যদিও ভোট গণনাৰ অন্তত এই সংযুক্ত মর্চাই ৮ শতাংশতকৈ কম ভোটহে লাভ কৰিবলৈ সক্ষম হয়৷ ঠিক তেনেদৰে দশক দশক ধৰি পশ্চিমবংগত শাসন চলোৱা বাঁওপন্থী দলসমূহৰো ভোটৰ হাৰ অভাৱনীয় ৰূপত হ্রাস পায়৷

ইপিনে কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছক উৎখাত কৰাৰ সর্বশক্তি প্রয়োগ কৰিলেও দলটোৰ স্বপ্ণ ভংগ হয়৷ অৱশ্যে ২০১৬ চনত তিনিখন আসন লাভ কৰা বিজেপিয়ে এইবাৰ নির্বাচনত আসন ৭৭লৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়৷ ৰাজ্যখনত বিজেপিৰ অভাৱনীয় উত্থানৰ বিপৰীতে কংগ্রেছ–বাঁওপন্থী দলৰ বেলি মাৰ গ’ল৷

You might also like