বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰৰ মঞ্চত এইবাৰ ঘটিল কেতিয়াও নঘটা এটা ঘটনা। অনুষ্ঠান চলি থাঁকোতেই অনুষ্ঠান পৰিচালক তথা কমেডিয়ান খ্ৰিছ ৰ’কক অভিনেতা উইল স্মিথে চৰিওৱা ভিডিঅ’ই সকলোকে হতচকিত কৰিছে। ছ’চিয়েল মিডিয়াত দুয়োগৰাকীৰে সপক্ষে-বিপক্ষে বিতৰ্ক চলি আছে। কিন্তু আচৰিতভৱে এটা চৰ খাই এতিয়া দাম বাঢ়িল কমেডিয়ান খ্ৰিছ ৰ’কৰ! শুনি খোকোজা লাগিলেও এই কথা সঁচা। ৰাতিৰ ভিতৰতে বাঢ়িল খ্ৰিছ ৰ’কৰ অনুষ্ঠানৰ টিকটৰ দাম। টিকপিক নামৰ অনলাইন টিকট বিক্ৰী কৰা পোম্পানীটোৱে টুইট কৰা মতে, যোৱা কেইমাহত বিক্ৰী কৰা টিকট অনুপাতে এৰাতিৰ ভিতৰতে কোম্পানীটোৱে বহু বেছি টিকট বিক্ৰী কৰা বুলি জনাইছে। ১৮ মাৰ্চলৈ যিজন কমেডিয়ানৰ অনুষ্ঠানৰ টিকটৰ সৰ্বনিম্ন মূল্য আছিল ৪৬ ডলাৰ, দেওবাৰৰ পাছত সেই টিকটৰ সৰ্বনিম্ন মূল্য হৈছেগৈ ৩৪১ ডলাৰ। দেওবাৰৰ সেই অনাকাংক্ষিত ঘটনাৰ পাছত জনপ্ৰিয়তা বাঢ়িল নেকি খ্ৰিছ ৰ’কৰ, সেই চৰ্চাও চলিছে। অহা ৩০ মাৰ্চৰ পৰা ১ এপ্ৰিলৰ ভিতৰত খ্ৰিছ ৰ’কে ব’ষ্টনৰ উইলবাৰ থিয়েটাৰত ছটা শ্ব’ কৰিব।
Next Post
You might also like