নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৫ৰ ভিতৰত টাইৱান দখলৰ ষড়যন্ত্র চীনা সেনাৰ

প্রতিৰক্ষামন্ত্রী চিউৰ সতর্কবাণীঃ৪০ বছৰৰ ভিতৰত চৰম পর্যায়ত উত্তেজনা

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ টাইৱানৰ বিৰুদ্ধে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে চীনে৷ শেহতীয়াকৈ টাইৱানৰ প্রতিৰক্ষামন্ত্রীয়ে এই অভিযোগ কৰিছে৷ অভিযোগ অনুসৰি ৪০ বছৰৰ ভিতৰত প্রথমবাৰলৈ চীনৰ সৈতে টাইৱানৰ উত্তেজনা অতি চৰম পর্যায়লৈ গৈছে৷ চীনা সেনাৰ যুদ্ধবিমানে সঘনে আকাশী সীমা উলংঘা কৰি টাইৱানৰ গুৰুত্বপূর্ণ অঞ্চলত প্রৱেশ কৰাৰ পিছতেই প্রতিৰক্ষামন্ত্রী চিউ কু–চেঙে মন্তব্য কৰিছে যে যিকোনো মুহূর্ততে উভয় পক্ষৰ মাজত সৃষ্টি হ’ব পাৰে সংঘর্ষ৷ বিগত ৪ দিন ধৰি একেৰাহে টাইৱানৰ নিৰাপত্তা অঞ্চলত চীনা সেনাৰ যুদ্ধবিমান প্রৱেশ কৰা বুলিও মন্তব্য কৰিছে মন্ত্রীগৰাকীয়ে৷

স্মর্তব্য যে টাইৱানে সদায় নিজৰ সার্বভৌমত্বৰ কথা ঘোষণা কৰি আহিছে যদিও বেইজিং প্রশাসনে এই দ্বীপটো চীনৰ ভূখণ্ডৰ অভ্যন্তৰৰ স্বশাসিত অঞ্চল বুলি সদৰী কৰি আহিছে৷ আনকি চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে সময় আহিলেই টাইৱানক মূল ভূখণ্ডৰ সৈতে চামিল কৰা হ’ব বুলি ঘোষণা কৰিছে৷ টাইৱানক কেন্দ্র কৰিয়েই এতিয়া এক আন্তর্জাতিক যুদ্ধৰ সৃষ্টি হ’ব পাৰে বুলি সতর্কবাণী কৰি আহিছে আমেৰিকাই৷ ইয়াৰ মাজতে চীনা সেনাই অবাধে টাইৱানৰ আকাশী সীমা উলংঘা কৰা বিষয়টোক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ টাইৱানৰ প্রতিৰক্ষামন্ত্রীগৰা মতে চীনা যুদ্ধবিমানসমূহে সকলো দিশৰ পৰা আকাশী সীমা উলংঘা কৰা নাছিল৷ মাত্র গুৰুত্বপূর্ণ প্রতিৰক্ষা অঞ্চল হিচাপে চিহ্ণিত দিশৰ পৰাহে আকাশী সীমা উলংঘা কৰা হৈছিল৷

ইয়াৰ ফলত চীনা যুদ্ধ বিমানলৈ লক্ষ্য কৰি যিকোনো মুহূর্ততে গুলীচালনা কৰাৰ সম্ভাৱনা বৃদ্ধি পোৱা বুলিও মন্তব্য কৰিছে মন্ত্রী চিউৱে৷ অৱশ্যে টাইৱানৰ এনে অভিযোগ সত্ত্বেও কোনো ধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই বেইজিং প্রশাসনে৷ চিউৰ মতে ২০২৫ চনৰ ভিতৰতে সমগ্র টাইৱান দখলৰ বাবে বেইজিঙে ষড়যন্ত্রও ৰচিছে৷ ইতিমধ্যে অবাধে যুদ্ধবিমান টাইৱানৰ আকাশত উৰুৱাই চীনা সেনাই ২০২৫ চনলৈ গ্রহণ কৰা লক্ষ্যৰ পূর্বাভাস দিয়া বুলিও মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷ টাইৱানৰ বিৰুদ্ধে চীনৰ এনে আগ্রাসী ভূমিকাক কঠোৰ সমালোচনা কৰিছে হোৱাইট হাউছ প্রশাসনে৷ বেইজিং প্রশাসনক তাৎক্ষণিকভাৱে সংযত হ’বলৈও সতর্কবাণী কৰিছে আমেৰিকাই৷

You might also like