নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যকৰ পৰিৱেশত পূজা উদ্যাপনৰ নির্দেশ জিএমচিৰ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱক লৈ অধিক তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা আৰক্ষী প্রশাসন৷ দুর্গোৎসৱৰ সময়ছোৱাত যাতে কোনো অপ্রীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে কামৰূপ মহানগৰ জিলা আৰক্ষী প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি আয়োজক সমিতি আৰু সর্বসাধাৰণ লোকৰ সহযোগিতা কামনা কৰিছে৷ বিশেষকৈ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত পালন কৰিবলগীয়া দুর্গোৎসৱৰ যাতে প্রতিখন আয়োজক সমিতিয়ে ক’ভিড প্রট’কল মানি চলে তাৰ বাবে প্রশাসনে অধিক তৎপৰ হৈ পৰিছে৷

ইতিমধ্যে জিলা আৰক্ষী প্রশাসনে অনুমতি লোৱা পূজা সমিতিৰে আলোচনাত মিলিত হৈ স্বাস্থ্য বিভাগৰ সহযোগত যাৱতীয় নির্দেশ দি পূজা মণ্ডপত ভেকচিন নোলোৱা আৰু মাস্ক পৰিধান নকৰা লোক যাতে প্রৱেশ কৰিব নোৱাৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে৷ আনহাতে স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ পৰিৱেশত পূজা উদ্যাপন কৰাৰ ওপৰত গুৱাহাটী পৌৰ নিগমে গুৰুত্ব আৰোপ কৰিছে৷ তদুপলক্ষে আজি জিএমচিৰ কার্যালয়ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত হয়৷ সভাত বিভিন্ন বিভাগৰ বিষয়া–কর্মচাৰীৰে আলোচনা কৰি সমাগত দুর্গোৎসৱ নিয়াৰিকৈ পালন কৰা সন্দর্ভত এখন নির্দেশ জাৰি কৰা হয়৷ পূজাৰ সময়ছোৱাত মহানগৰীৰ বাট–পথ পৰিষ্কাৰ কৰি ৰখাৰ লগতে ষ্ট্রীট লাইটৰ সুব্যৱস্থা, বিশুদ্ধ খোৱাপানী যোগান আৰু মহৰ প্রাদুর্ভাৱ নাইকিয়া কৰিবলৈ প্রতিটো অঞ্চলত ফগিং কৰিবলৈ বিভাগীয় বিষয়া–কর্মচাৰীক নির্দেশ দিয়ে৷

তদুপৰি বিসর্জন ঘাটসমূহ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পৌৰ আয়ুক্তই তদাৰকী সমিতি গঠন কৰি কেইবাগৰাকী বিষয়াক দায়িত্ব অর্পণ কৰে৷ বিজয়া দশমীত যাতে সকলো পূজা সমিতিয়ে সুশৃংখলভাৱে দেৱীৰ প্রতিমূর্তি বিসর্জন দিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি জি এম চিয়ে ইতিমধ্যে ফাঁচীবজাৰ, পাণ্ডু, খাৰঘুলি, চূণচালি আৰু জ্যোতিকুছি ঘাট একপ্রকাৰ সাজু কৰি তুলিছে৷ তদুপৰি পূজাৰ সময়ছোৱাত জৰুৰী সেৱাৰ সৈতে জড়িত সকলো বিষয়া–কর্মচাৰীক অধিক সক্রিয় হ’বলৈ পৌৰ নিগমে ব্যৱস্থা গ্রহণ কৰিছে৷ বিশেষকৈ খোৱাপানী, স্বাস্থ্যসেৱা আৰু অগ্ণিনির্বাপক বাহিনীৰ লগতে অন্যান্য জৰুৰী সেৱাসমূহ অধিক সক্রিয় কৰি তোলা হৈছে৷ পূজাৰ সময়ছোৱাত কোনো আপত্তি থাকিলে ৰাইজে ৮৮১১০–০৭০০০, ৭৩৯৯০–০৩০০১ অথবা ৭৩৯৯০–০৩০০৪ নম্বৰত যোগাযোগ কৰিব পাৰিব৷

You might also like