নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত চলিছে Income certificates নামত ব্যাপক জালিয়াতি

একাংশ কম্পিউটাৰ দোকানে চলাইছে এই জালিয়াতিৰ কাম/ছাত্ৰছাত্ৰীৰ জীৱনক লয় খেলিছে হেতালি

নিয়মীয়াবাৰ্তা,  ৭ অক্টোবৰ:: জোনাইত একাংশ কম্পিউটাৰ দোকানে চলাইছে income certificate ৰ নামত জালিয়াতি৷ ছাত্ৰ ছাত্ৰী admission আৰু scholarshipৰ বাবে অতিকৈ আৱশ্যক হোৱা income certificateৰ উলিয়াই দিয়াৰ নামত জোনাইৰ একাংশ দোকানে চলাইছে এনে জালিয়াতিৰ কাম৷ এই কম্পিউটাৰ দোকান সমূহে income certificate উলিয়াই দিয়াৰ নামত স্কেন কৰি তাৰিখ আৰু আন আন কিছু বিষয় সালসলনি কৰি ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে৷ কিন্ত ছাত্ৰ ছাত্ৰী সকলে যেতিয়া এই income certificate সমূহ কলেজত জমা কৰে তেতিয়াহে উলাল ওৰহি গছৰ ওৰ৷

যিহেতু income certificate সমূহ অনলাইন যোগে উলিয়াব লাগে তাৰে সুবিধা লয় একাংশ কম্পিউটাৰ দোকানসমূহে ছাত্ৰ ছাত্ৰীৰ জীৱনক লয় খেলিছে হেতালি৷ ম্যাদ উকলা পুৰণি income certificate সমূহকে পুনৰ সালসলনি কৰি নতুনকৈ ছাত্ৰ ছাত্ৰী সকল প্ৰদান কৰে৷ এনে জালিয়াতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে যুৱ ছাত্ৰ পৰিষদে৷ মহকুমা প্ৰশাসন আৰু আৰক্ষীক এনে জালিয়াতি ছলাই থকা কম্পিউটাৰ দোকান সমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনাইছে সংগঠনটোৱে৷

You might also like