নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত কাম হেৰুৱাই যৌন কৰ্মী হৈ পৰিল স্বামী! পত্নীয়ে গম পাই কৰিলে এই কাম…

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ লকডাউনে মানুহৰ জীৱিকাৰ পথ সলনি কৰিছে। কিন্তু লকডাউনত চাকৰি হেৰুৱাই বেংগালুৰুৰ এজন যুৱকে নিজৰ কেৰিয়াৰ সলনি কৰি যৌন কৰ্মী হ’বলৈ বাধ্য হয়। বিপিঅ’ত কাম কৰা এই যুৱকে লকডাউনৰ সময়ত চাকৰি হেৰুৱাইছিল আৰু যৌন কৰ্মীৰ বৃত্তি বাছনি কৰিছিল। তেওঁ নিজকে কেইদিনমানৰ বাবে পত্নীৰ পৰা লুকুৱাই ৰাখিছিল কিন্তু অৱশেষত ধৰা পৰিছিল।

যুৱকজনে লকডাউনত চাকৰি হেৰুৱালে। তেওঁ কেইমাহমানৰ বাবে বিভিন্ন স্থানত চাকৰি বিচাৰি আছিল যদিও অৱশেষত তেওঁ পুৰুষ যৌন কৰ্মী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। যাৰ বিষয়ে তেওঁ পত্নীৰ পৰা লুকুৱাই ৰাখিছিল।

মহিলাগৰাকীয়ে লক্ষ্য কৰিছিল যে স্বামীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ ম’বাইল বা লেপটপত লগ ইন কৰি ৰাখিছিল। আনকি সুধিলেও, কোনো শুদ্ধ উত্তৰ দিয়া নাছিল। ইয়াৰোপৰি তেওঁ ক’লৈ গৈছিল, কিয় গৈছিল তাৰ বিষয়েও পত্নীক কোনো কথায়ে কোৱাৰ পৰা বিৰত আছিল।

অৱশেষত মহিলাগৰাকীয়ে ভায়েকৰ সৈতে লগ হৈ স্বামীৰ লেপটপ খুলি চাই অবাক হৈ পৰিছিল। গোপন ফ’ল্ডাৰত,স্বামীক কেইবাগৰাকীও অজ্ঞাত মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত দেখা পাইছিল। যাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

প্ৰথম অৱস্থাত স্বামীয়ে বিষয়টো অস্বীকাৰ কৰিছিল কিন্তু পিছত এই সকলোবোৰ মুকলিকৈ পত্নীক কয়। এই ঘটনাত পত্নীয়ে মনত আঘাত পাই স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে।

You might also like