নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আৰম্ভণিহে হৈছে, মাজভাগ পাবলৈ আৰু বাকীঃ WHOৰ স্বাস্থ্য বিশেষজ্ঞ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ ক’ৰোনা এতিয়া আৰম্ভণি স্তৰত আছে, ভৱিষ্যতলৈ পৰিস্থিতি বেয়ালৈ গতি কৰিব পাৰে।- এই মন্তব্য স্বাস্থ্য বিশেষজ্ঞ ডেভিড নাবাৰোৰ।

ব্ৰিটেইনৰ সংসদৰ হাউছ অৱ কমন্সৰ বৈদেশিক পৰিক্ৰমা কমিটীৰ ওচৰত এই তথ্য বেকত কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ প্ৰতিনিধি তথা স্বাস্থ্য বিশেষজ্ঞগৰাকীয়ে। নাবাৰোৱে মূলতঃ ইউৰোপক কেন্দ্ৰ কৰি এই মন্তব্য কৰে।

তেওঁ কয় যে এতিয়ালৈ ক’ৰোনা মহামাৰীৰ আৰম্ভণিখিনিহে আমি দেখি আছো, ইয়াৰ মাজভাগলৈ আমি গৈয়েই পোৱা নাই। গতিকে অপ্ৰিয় যেন লাগিলে এয়াই মূল কথা যে ভৱিষ্যতলৈ পৰিৱেশ আৰু বেয়ালৈ যোৱাৰ আশংকা আছে।

বেয়া পৰিস্থিতি অকল ক’ৰোনা ভাইৰাছৰ প্ৰকোপৰ বাবেই নহয়, বহু দেশৰ দুৰ্বল অৰ্থনীতিয়েও সৃষ্টি কৰিব পাৰে বুলি শংকা ব্যক্ত কৰে তেওঁ। বিশেষজ্ঞগৰাকীৰ মতে, বিশ্বত দৰিদ্ৰ লোকৰ সংখ্যা দুগুণে বৃদ্ধি পাব পাৰে। নাবাৰোৱে লগতে ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰালয়ক বিশ্বমুখী দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

You might also like