নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অবৈধ নাগালেণ্ড ৰাজ্যিক লটাৰীৰ টিকট বিক্ৰী, দুজনক আটক

ৰাজ্যজুৰি লটাৰী খেলৰ টিকট বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি থকাৰ সময়ত ধুবুৰীত অবৈধভাৱে নাগালেণ্ড ৰাজ্যিক লটাৰীৰ টিকট বিক্ৰী কৰি থকা অৱস্থাত দুজনকৈ ব্যক্তিক আৰক্ষীয়ে কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত যোৱানিশা প্ৰায় ৮.৩৫মান বজাত ডিএছপি (পি) বি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ধুবুৰীৰ আলিঘাট অঞ্চলত এক অভিযান চলাইছিল। উক্ত অভিযানত দুজন ব্যক্তিক অবৈধভাৱে নাগালেণ্ড ৰাজ্যিক লটাৰী টিকট বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায়। ধৃত দুয়োজন ধুবুৰী চহৰৰ ১১নং ৱাৰ্ডৰ বাহাদুৰটাৰীৰ নন্দন দাস (২৬) আৰু দীনেশ দাস (৩৫) বুলি প্ৰকাশ। জানিব পৰা মতে, ধৃতদ্বয়ৰ পৰা দুটা স্মাৰ্টফোন, নগদ ধন আৰু ৫০টা নাগালেণ্ড ৰাজ্যিক লটাৰীৰ টিকট উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে শেহতীয়ৈকৈ ধুবুৰী চহৰত আন কেইটামান অঞ্চলতো মুকলিকৈয়ে নাগালেণ্ডৰ “ডিয়াৰ লটাৰী”কে ধৰি মিজোৰাম ‘চুপাৰ কুইজ” নামৰ আন এবিধ লটাৰীৰ বহুল প্ৰচলন ঘটাৰ উপৰি অবৈধ তাৰ নামৰ এবিধ জুৱাৰ টিকটো বিনা বাধাই মুকলিকৈ বিক্রী হৈ থকাৰ দীৰ্ঘদিনৰ পৰাই চৰ্চা চলি আছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ ফেব্ৰুৱাৰী :

You might also like