নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবিৰোধী ভুৱা তথ্য বিয়পোৱা ৪৫টা ভিডিঅ’ নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ: ভুৱা তথ্য প্রচাৰ আৰু ধর্মীয় বৈষম্য বিয়পাই দিয়াৰ অপৰাধত ইউটিউবৰ ৪৫টা ভিডি’ নিষিদ্ধ কৰিছে কেন্দ্রীয় চৰকাৰে৷ ১০টা ইউটিউব চেনেলত এই ৪৫টা আপত্তিজনক ভিডি’ আপলোড কৰা হৈছে৷ এই চেনেলবোৰো বন্ধ কৰি দিছে চৰকাৰে৷ ইতিমধ্যে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে জনপ্রিয় ছ’চিয়েল মিডিয়া প্লেটফর্মটোক এই সন্দর্ভত কঠোৰ নির্দেশ দিয়া বুলি মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰিছে৷ চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত যোৱা ২৩ ছেপ্ঢেম্বৰত এই সিদ্ধান্ত গ্রহণ কৰে কেন্দ্রীয় চৰকাৰে৷

You might also like