নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূগর্ভৰ পানীৰ ব্যৱহাৰৰ বাবে দিব লাগিব কৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ:  ‘পানীৰ নামত কেন্দ্রীয় চৰকাৰে জনতাৰ ওপৰত ৰাম–টাঙোন শোধোৱাৰ ব্যৱস্থা কৰিছে৷ চৰকাৰে পানীৰ ওপৰত থকা জনতাৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে জাৰি কৰিছে এক নির্দেশনা৷ ফলত অসমৰ নগৰাঞ্চলৰ সকলো লোকে অভূতপূর্ব পৰিস্থিতিৰ সন্মুুখীন হ’ব৷’ –এই মন্তব্য আছাম ৰিয়েল ইষ্টেট ইনফ্রাষ্টাকচাৰ ডেভেলপার্ছ এছ’চিয়েচন, চমুকৈ ‘এৰিডা’ৰ সভাপতি পি কে শর্মাৰ৷

গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত তেওঁ কয় যে ভাৰত চৰকাৰৰ কেন্দ্রীয় ভূ–জল প্রাধিকৰণে জাৰি কৰা নির্দেশনাই এই ভয়াৱহ সংকট কঢ়িয়াই আনিছে৷ কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অনুসৰি আৱাসিক এপার্টমেণ্ট, গোট হাউছিং ছ’চাইটী, চৰকাৰী পানী যোগান সংস্থা, নগৰ অঞ্চলত বৃহৎ পৰিমাণৰ পানী যোগানকর্তা নাইবা ঘৰুৱা ব্যৱহাৰকাৰীকে ধৰি সকলো ভূগর্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে৷ যাৰ ফলত ভূ–গর্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব৷ উল্লিখিত ভূ–গর্ভৰ পানী ব্যৱহাৰকাৰীসকলে নতুন নির্দেশনা অনুসৰি পঞ্জীয়ন মাচুল পৰিশোধ কৰি সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ কিন্তু পঞ্জীয়ন কৰিবলৈ যাওঁতে আবেদনকাৰীয়ে চৰকাৰীভাৱে যে পানী যোগান ধৰিবলৈ অসমর্থ, তাৰ প্রমাণ–পত্র সংগ্রহ কৰি সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগিব৷ লগতে মানিব লাগিব আন কেতবোৰ নিয়ম৷ পঞ্জীয়ন কৰিবলৈ যাওঁতে পৰিশোধ কৰিব লাগিব এক লাখ টকাৰ জৰিমনা৷

আনহাতে ব্যৱহাৰ কৰা পানীৰ বিপৰীতে ডিজিটেল পেইড’মিটাৰ স্থাপন কৰি বিল দিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘মিটাৰ ৰীডিং অনুসৰি পানীৰ মাচুল দিব লাগিব৷ সেইদৰে বিল্ডিঙত নর্দমা শোধন প্রকল্প স্থাপন কৰিব লাগিব আৰু যাৰ দ্বাৰা শৌচাগাৰৰ ফ্লাচিং, বাগিচা আৰু গাডী ধোৱাৰ বাবে ব্যৱহাৰ কৰা পানীৰ পুনৰ ব্যৱহাৰ কৰিব লাগিব৷ এই সমগ্র প্রক্রিয়া সম্পাদন কৰাৰ অন্তিম দিন ৩০ ছেপ্ঢেম্বৰ নির্ধাৰণ কৰা হৈছে৷ ভাৰত চৰকাৰৰ জলশক্তি মন্ত্রালয় জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন বিভাগৰ (কেন্দ্রীয় ভূ–জল কর্তৃপক্ষৰ) দ্বাৰা জাৰি কৰা ২০২০ চনৰ ২৪ ছেপ্ঢেম্বৰৰ এক অধিসূচনাৰ আধাৰত এই নির্দেশ দিয়া হৈছে৷ কেন্দ্রীয় চৰকাৰ সংশ্লিষ্ট কর্তৃপক্ষই দাবী কৰা অনুসৰি ২০১৫ চনৰ পৰা বাতৰিকাকতত কেইবাটাও ৰাজহুৱা জাননী জাৰি কৰা হৈছে৷ দুর্ভাগ্যবশতঃ এই বিভ্রান্তিকৰ দিশটোৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ কার্যকৰী পদক্ষেপ লোৱা নাছিল৷

লক্ষণীয় বিষয় যে পানীৰ ওপৰত অধিকাৰ তথা নিয়ন্ত্রণ ৰাজ্য চৰকাৰৰ থাকে৷ পানী যোগানৰ বাবে শক্তিশালী ব্রহ্মপুত্রত প্রচুৰ উপলব্ধতা থকা সত্ত্বেও চৰকাৰে পানী যোগান ধৰিব পৰা নাই আৰু ইতিমধ্যে পৌৰসভাসমূহে পানী যোগান নধৰাকৈয়ে আৰোপ কৰা পানী কৰৰ বোজা বহন কৰি আহিছে জনসাধাৰণে৷’ ইফালে গুৱাহাটীত চৰকাৰী পানী যোগান আঁচনিয়ে জনসংখ্যাৰ মাত্র ৩০ শতাংশ সামৰি লৈছে বুলি উল্লেখ কৰি শর্মাই কয় যে ৰাজ্যৰ বাকী অংশৰ অৱস্থা অধিক শোচনীয়৷ যাৰ বাবে নাগৰিকে জীয়াই থকাৰ বাবে কেৱল ভূগর্ভস্থ পানীৰ ওপৰত নির্ভৰশীল হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই৷ নাগৰিকে নিজা ব্যয়েৰে ভূ–গর্ভৰ পানী ব্যৱহাৰ কৰি আহিছে৷ কিন্তু এতিয়া জনসাধাৰণক পানী ব্যৱহাৰৰ বাবে অসম ভূ–জল নিয়ন্ত্রণ আৰু নিয়ামক আইন ২০১২ আৰু পৌৰসভাৰ পানী কৰৰ উপৰি অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হৈছে৷ যেতিয়া কোনো আবেদনকাৰীয়ে চি জি ডব্লিউ এৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰি এন অ’ চি লাভ কৰিবলৈ চেষ্টা কৰে, তেতিয়া তেওঁলোকক পোনপটীয়াকৈ এক লাখ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নির্দেশ দিয়া হয়৷ তদুপৰি নির্দেশনা অনুসৰি এটা সম্পূর্ণ আৰু অধিকৃত বিল্ডিঙত নতুন প্লাম্বিং নেটৱর্কৰ সৈতে নর্দমা শোধন প্রকল্প স্থাপন কৰাটো কাৰিকৰীভাৱে অসম্ভৱ৷ ভয়াৱহ এই সংকটৰ কথা উল্লেখ কৰি শর্মাই কয় যে পানী জীৱনৰ বাবে এক মৌলিক প্রয়োজনীয়তা আৰু এইক্ষেত্রত এনে কৰৰ বোজাই জনসাধাৰণক জুৰুলা কৰিব বুলি শর্মাই কয়৷ সংবাদ মেলত ‘এৰিডা’ৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷

You might also like