দেশৰ সবাতোকৈ দীর্ঘ সময় গৃহমন্ত্রীৰ দায়িত্বত অমিত শ্বাহ
দেশৰ গৃহমন্ত্রী হিচাপে অভিলেখ গঢ়িলে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ -এ৷ গৃহমন্ত্রী হিচাপে ২,২৫৮ দিন অতিক্রম কৰাৰ লগে লগে দেশৰ সবাতোকৈ দীর্ঘসময় গৃহ পৰিক্রমা মন্ত্রালয়ৰ মন্ত্রীৰ দায়িত্বত কার্যনির্বাহ কৰাৰ অভিলেখ গঢ়িলে অমিত শ্বাহে৷
প্রাক্তন গৃহমন্ত্রী তথা বিজেপিৰ প্রবীণ নেতা এল কে আদৱানিয়ে গৃহমন্ত্রী হিচাপে ৬ বছৰ ৬৪ দিন কার্যনির্বাহ কৰাৰ অভিলেখ অতিক্রম কৰি গৃহমন্ত্রী অমিত শ্বাহে ৬ বছৰ ৬৫ দিন কার্যনির্বাহ সম্পূর্ণ কৰিলে৷ ২০১৯ চনৰ ৩০ মে’ত গৃহমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰা অমিত শ্বাহে ২০২৫ চনৰ ৪ আগষ্টত গৃহমন্ত্রী হিচাপে ২,২৫৮ দিন অতিক্রম কৰে৷
ইপিনে ১৯৯৮ চনৰ ১৯ মার্চৰ পৰা ২০০৪ চনৰ ২২ মে’লৈকে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানিয়ে গৃহমন্ত্রী হিচাপে ২,২৫৬ দিন কার্যনির্বাহ কৰি দীর্ঘসময় মন্ত্রীৰ দায়িত্ব লোৱাৰ অভিলেখ গঢ়িছিল৷ এই অভিলেখ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ভংগ কৰে৷
উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বিতীয়টো কার্যকালৰ ২০১৯ চনৰ ৩০ মে’ত অমিত শ্বাহে গৃহমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰি পৰৱর্তী সময়ত মোদীৰ তৃতীয়টো কার্যকালতো একেই পদবীত দায়িত্ব গ্রহণ কৰে৷ লক্ষণীয় যে দেশৰ গৃহমন্ত্রী হিচাপে গোবিন্দ বল্লভ পণ্টে ৬ বছৰ ৫৬ দিন, ৰাজনাথ সিং ৫ বছৰ ৩ দিন, শংকৰ ৰাও চবন ৪ বছৰ ৩৩০ দিন, শিৱৰাজ পাটিল ৪ বছৰ ১৯০ দিন, পি চিদাম্বৰম ৩ বছৰ ২৪৪ দিন, যশৱন্ত ৰাও চৱন ৩ বছৰ ২৫৬ দিন, বুটা সিং ৩ বছৰ ২০৪ দিন, চর্দাৰ বল্লভভাই পেটেল ৩ বছৰ ১১৯ দিন, গুলজাৰিলাল নন্দ ৩ বছৰ ৬৯ দিন আৰু কৈলাস নাথ কাজুৱে ৩ বছৰ ৬৬ দিন কার্যনির্বাহ কৰিছিল৷
তাৎপর্যপূর্ণ যে গৃহমন্ত্রী অমিত শ্বাহৰ কার্যকালত সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰৰ পৰা ‘কা’ বলৱতলৈকে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত ৰূপায়ণ কৰা হৈছে৷
Niyomiya Barta Desk, 6 August, 2025