নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ পণ মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে উন্মোচন কৰা নতুন নগৰ নবীকৰণ পৰিকল্পনাৰ অধীনত ৯০ দিনৰ ভিতৰত মুম্বাইৰ ৰূপান্তৰ হ’ব বুলি শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেই প্ৰকাশ কৰে। মুম্বাইত স্বচ্ছ মহাৰাষ্ট্ৰ অভিযান (আৰ্বান) ২.০ মুকলি কৰাৰ পিছতে তেওঁ এই কথা কয়। চহৰসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা এক গণ আন্দোলনত পৰিণত হ’ব লাগে বুলি উল্লেখ কৰি শিন্দেই কয় যে অনাময় কৰ্মীসকল হৈছে নতুন অভিযানৰ ব্ৰেণ্ড এম্বেছাডৰ। তেওঁৰ চৰকাৰে মুম্বাইৰ ৰূপান্তৰৰ বাবে এক অভিলাষী পৰিকল্পনা যুগুত কৰিছে যাৰ অধীনত ৪৫০টা পথ পকী কৰা হ’ব আৰু মহানগৰীৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰা হ’ব। এই উপলক্ষে ভাষণ দি উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে কয় যে চহৰসমূহ হৈছে বৃদ্ধিৰ কেন্দ্ৰ যিয়ে কৰ্মসংস্থাপন সৃষ্টি কৰে। স্বচ্ছ মহাৰাষ্ট্ৰ অভিযানৰ অধীনত ৰাজ্যখনৰ নগৰ অঞ্চলসমূহ সম্পূৰ্ণৰূপে ৰূপান্তৰিত হ’ব বুলিও তেওঁ কয়। কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ আৰ্হিত কৰা হৈছে এই অভিযান। ২ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ ইয়াক সম্পন্ন কৰা হ’ব আৰু শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা চহৰসমূহে পুৰস্কাৰ লাভ কৰিব।

You might also like