নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা হ্ৰাসঃ ২৪ ঘণ্টাত আক্ৰান্ত ৯৪৩৬

বিশেষ বাৰ্তা, ২৮ আগষ্টঃ দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা হ্ৰাস, ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৯৪৩৬ দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৯৪৩৬জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৮৬ হাজাৰৰ ওপৰত। দেশত এই পৰ্যন্ত ৮৮.৫০ কোটিৰো অধিক কৰোনাৰ পৰীক্ষা কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ৩ লাখ ২২ হাজাৰ ৫৫১গৰাকী লোকৰ পৰীক্ষা কৰা হৈছে। দেশত কৰোনা আক্ৰান্তক লৈ সকাহৰ খবৰ আহিছে, কিন্তু বিপদ এতিয়াও আছে। Covid-19 ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ আহিছে। যোৱা ২৪ ঘণ্টাত ৯ হাজাৰ ৪৩৬ জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে যিটো পূৰ্বৰ দিনতকৈ কম। ২৭ আগষ্টত ৯,৫২০টা গোচৰ ৰুজু হৈছিল। একে সময়তে সক্ৰিয় ৰোগীক সংখ্যা ৮৬,৫৯১ত উপনীত হৈছে। কৰোনা সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পোৱা দেখা গৈছে। পূৰ্বৰ দিনটোৰ তুলনাত ৭২০ সক্ৰিয় ৰোগী হ্ৰাস পাইছে। ২৭ আগষ্টত ৮৭,৩১১ টা আছিল যিটো এতিয়া ৮৬,৫৯১লৈ হ্ৰাস পাইছে। কৰোনা ভাইৰাছৰ ফলত হোৱা লোকৰ মৃত্যুৰ কথা কওঁ, তেন্তে যোৱা ২৪ ঘণ্টাত ৪১জন লোকৰ মৃত্যু হৈছে।

টিকাকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত

কৰোনা মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা সুস্থ হৈ উঠিছে ৪,৩৭,৯৩,৭৮৭জন লোক। দেশত টিকাকৰণৰ প্ৰক্ৰিয়াও চলি আছে। সাপ্তাহিক হাৰ চালে বৰ্তমান ই ২.৭০ শতাংশ। দৈনিক পজিটিভিটিৰ হাৰ ২.৯৩ শতাংশ। দেশত টিকাকৰণো বৃদ্ধি পাইছে আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই পৰ্যন্ত ২০১.২১ কোটি লোকক টিকাকৰণ কৰা হৈছে। একে সময়তে বিগত ২৪ ঘণ্টাত এতিয়ালৈকে ৮৮.৫০ কোটি লোকৰ টেষ্ট কৰা হৈছে আৰু ৩ লাখ ২২ হাজাৰ ৫৫১ লোকৰ টেষ্ট কৰা হৈছে।

You might also like