নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মনিৰ্ভৰ ভাৰতৰ আগতীয়া ৰূপৰেখা ফুটি উঠিছে কেন্দ্ৰীয় বাজেটত : সোণোৱাল

বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদৰ মজিয়াত উপস্থাপন কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত এক সংবাদ মেল অনুষ্ঠিত কৰে৷ ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ উদ্যোগত আজি ডিব্ৰুগড়ত অনুষ্ঠিত বাজেট সংক্রান্তীয় সংবাদ মেলত সৰ্বানন্দ সোণোৱালে কয়, “প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য আগত ৰাখি এইবাৰৰ কেন্দ্ৰীয় বাজেটত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে৷ দেশবাসীৰ সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক শক্তি বৃদ্ধি কৰাৰ দিশত বাজেটখনত বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে। সামগ্রিক বিকাশ, আন্তঃগাঁথনি নির্মাণত বিনিয়োগ, সেউজ উন্নয়ন, যুৱ আৰু নাৰীশক্তিৰ সবলীকৰণ, ঔদ্যোগিকৰণ আদি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ এইখন বাজেটত প্ৰতিফলিত হৈছে। দেশৰ ৰূপান্তৰৰ যাত্ৰাত সঠিক সময়ত সঠিক সিদ্ধান্ত ভাৰত চৰকাৰে কিদৰে গ্ৰহণ কৰিছে, তাৰেই এক দৃষ্টান্ত ফুটি উঠিছে ২০২৩-২৪ৰ বাজেটত।” তদুপৰি, সোণোৱালে কয়, “স্বাধীনতাৰ পাছত সৰ্বাধিক সময়ৰ বাবে দেশখন শাসন কৰাৰ সুযোগ পোৱা স্বত্বেও কংগ্ৰেছ দলৰ অন্তৰ্নিহিত দুৰ্বলতা হৈছে যে তেওঁলোকৰ কেতিয়াও সঠিক নীতি নাছিল, কোনো দৃঢ় পৰিকল্পনা নাছিল, কোনো নৈতিক চৰিত্ৰ নাছিল। ভাৰতৰ দৰে এখন বিশাল আৰু বৈচিত্র্যময় দেশৰ সেৱা কৰিবলৈ দলৰ ৰাষ্ট্ৰীয় চৰিত্ৰ থাকিব লাগিব যাক পৰম সততা আৰু নিষ্ঠাৰে গঢ়ি তুলিব লাগিব৷ আৰু এইক্ষেত্ৰত মহান লক্ষ্য থাকিব লাগিব – সমৰ্পণৰ মনোভাবেৰে ৰাষ্ট্ৰৰ সেৱা কৰা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰি তোলা এই সকলো গুণ আৰু দূৰদৃষ্টি প্রধানমন্ত্ৰীৰ ব্যক্তিত্বত প্ৰতিফলিত হৈ আহিছে, যাৰ ফলত দেশখনেও বিভিন্ন দিশত গতিশীলতা আৰু ৰূপান্তৰ লাভ কৰিছে আৰু বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে বুলি কয়। বাজেটখনৰ সন্দৰ্ভত সোণোৱালে আৰু উল্লেখ কৰে, “অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্মার্ট ষ্টেচন, দ্বৈত লাইনকে ধৰি ৰে’লৱে নেটৱৰ্ক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, যিয়ে সমগ্ৰ অঞ্চলটোৰ জনগণক যথেষ্ট উপকৃত কৰিব৷ তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দিশতো আমূল পৰিৱৰ্তনৰ সূচনা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ আত্মসহায়ক গোট, কৃষক আদিকে ধৰি কৃষি আৰু আনুসংগিক খণ্ডৰ সৈতে জড়িত লোকসকল এই বাজেটখনৰ জৰিয়তে বিশেষকৈ লাভান্বিত হ’ব পাৰিব৷ তেওঁলোকে উৎপাদন কৰা থলুৱা সা-সামগ্ৰীয়ে যাতে উপযুক্ত বজাৰ লাভ কৰে, তাৰ সন্দৰ্ভতো বিশেষ দৃষ্টি ৰখা হৈছে।” লগতে সোণোৱালে কয়, ” মোদী ডাঙৰীয়াই শাসনভাৰ লোৱাৰপৰাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দি ইয়াত উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি কৰিছে। এই অঞ্চলটোৰ প্ৰতি তেখেতৰ আছে অফুৰন্ত সদিচ্ছা, আন্তৰিকতা আৰু সম্ভাৱনা৷ সেয়া পুনৰবাৰ প্ৰতিফলিত হৈছে এইবাৰৰ কেন্দ্ৰীয় বাজেটত। ২০২২-২৩ বৰ্ষৰ তুলনাত 2023-24 বিত্তীয় বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰিত ধনৰাশি প্ৰায় দুগুণ কৰাটোৱে মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাক প্ৰতিফলিত কৰিলে৷ ২০২২-২৩ বৰ্ষত প্ৰায় ২,৭৫৫.০৫ কোটিৰ বিপৰীতে এইবাৰ ৫,৮৯২ কোটি টকা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ধাৰ্য কৰাটো সমগ্ৰ অঞ্চলবাসীৰ বাবে অতিকৈ আশাৰ বতৰা৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু বিত্তীয় মন্ত্ৰী সীতাৰমণক উত্তৰ-পূববাসীৰ হৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰা বুলি কয়।” “প্ৰকৃতিৰ সুৰক্ষাৰ সৈতে সামঞ্জস্য ৰাখি পাৰিপাৰ্শ্বিক অনুকূল উন্নয়নত গুৰুত্ব দিয়াটো এতিয়া সময়ৰ আহ্বান। ২০৭০ চনৰ ভিতৰত ভাৰতবৰ্ষক কার্বনমুক্ত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিছনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এইক্ষেত্ৰত সৰ্বস্তৰৰ লোককে সজাগ-সচেতন আৰু দায়বদ্ধ হ’বলৈ আন্তৰিকতাৰে আহ্বান জনালোঁ।”- সোণোৱালে লগতে কয় মোদী ডাঙৰীয়াই 2014 চনৰপৰা যুৱপ্ৰজন্মৰ সবলীকৰণেৰে ষ্টাট আপ্ কাৰ্যসূচীত যথেষ্ট অগ্ৰাধিকাৰ দিছে৷ ইয়াৰ ফলশ্ৰুতিতেই এতিয়া ভাৰতবৰ্ষ বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টাৰ্ট আপ দেশ হিচাপে পৰিগণিত হৈছে৷ এইবাৰৰ বাজেটতো এই দিশত গুৰুত্ব দিয়া হৈছে।” আনহাতে, ভাৰতৰ দীৰ্ঘতম নদী ক্রুজ সেৱাৰ সন্দৰ্ভতো সোণোৱালে আলোকপাত কৰি কয় যে, প্ৰায় এমাহ পূর্বেই বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰা গংগা বিলাসে ভাৰত-বাংলাদেশ প্ৰট’কল ৰুট হৈ অহা ১৮ ফেব্ৰুৱাৰীত ধুবুৰীত আৰু অহা ১ মাৰ্চত ডিব্ৰুগড়ত প্ৰৱেশ কৰিব৷ এই পদক্ষেপে গংগা আৰু ব্ৰহ্মপুত্ৰৰ অযুত সম্ভাৱনা, পর্যটন, সাংস্কৃতিক তথা আধ্যাত্মিক ঐতিহ্য আদি বিভিন্ন দিশ উন্মুক্ত কৰাৰ উপৰি দুয়োখন নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সভ্যতা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা, জৈৱ-বৈচিত্ৰতা আদিৰ বিষয়ে পর্যটকসকলক চিনাকি কৰাই দিছে৷ সংবাদ মেলত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্রা-কেমিকেলচ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই সংবাদ মেলৰ সময়ছোৱাত সংগ দিয়ে।

প্ৰেৰক বিভাস দুৱৰা

You might also like