নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰলৈ চমন জাৰি ইডিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ আজি ইডিয়ে ফেমা (Foreign Exchange Management Act) গোচৰত তৃণমূল কংগ্ৰেছৰ নেতা মহুৱা মৈত্ৰলৈ চমন প্ৰেৰণ কৰে। ২৮ মাৰ্চত দিল্লীত মৈত্ৰক সোধা-পোছাৰ বাবে ফোন কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। সংবাদ সংস্থা পিটিআইয়ে চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ইডিয়ে ফেমাৰ অধীনত দুবাৰকৈ মৈত্ৰলৈ চমন প্ৰেৰণ কৰিছে। শেহতীয়াকৈ মৈত্ৰই দিল্লী উচ্চ ন্যায়ালয়ত এই গোচৰৰ ইডিৰ তদন্তৰ পদ্ধতিক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰিছিল। অৱশ্যে এই কথা আদালতে নাকচ কৰে। মৈত্ৰই আবেদনখনত দাবী জনাইছিল যে এই গোচৰৰ সৈতে জড়িত কোনো গোপনীয় বা অসত্য তথ্য সংবাদ মাধ্যমত সম্প্ৰচাৰ কৰিব নালাগে। ১৯টা সংবাদ মাধ্যমৰ নাম লৈ তেওঁ আদালতক আহ্বান জনাইছিল যে তেওঁলোকে কোনো অসত্য, ভুৱা, মানহানিকাৰক সামগ্ৰী সম্প্ৰচাৰ বা প্ৰকাশ কৰাত বাধা দিব লাগে। আনহাতে ইডিয়ে কৈছিল যে তেওঁলোকে কোনো তথ্য সংবাদ মাধ্যমক ফাদিল কৰা নাই। প্ৰকাশিত বাতৰিৰ উৎসৰ বিষয়ে তেওঁ অৱগত নহয়। সংসদত উৎকোচ লোৱা সন্দৰ্ভত প্ৰশ্ন কৰাৰ বাবে ডিচেম্বৰ মাহত মৈত্ৰক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। বিজেপি সাংসদ নিশিকান্ত ডুবেই আদানি গ্ৰুপৰ গোচৰত প্ৰধানমন্ত্ৰী মোদীৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ব্যৱসায়ী হিৰণানন্দনীৰ পৰা ধন আৰু উপহাৰ লৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল। উল্লেখ্য যে পশ্চিমবংগৰ কৃষ্ণনগৰ আসনৰ পৰা মৈত্ৰক পুনৰ টিকট দিছে তৃণমূল কংগ্ৰেছে (টিএমচি)।

You might also like