নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি অব্যাহতঃ দুবছৰত পেট্র’লত বাঢ়িল ৩৪ টকা ডিজেলত ২৯.৫

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: দেশবাসীক মাধমাৰ শোধাই ইন্ধনৰ মূল্যবৃদ্ধি অব্যাহত ৰাখিছে৷ দেশজুৰি বিৰোধী দল–সংগঠনসমূহে ইন্ধনৰ মূল্যবৃদ্ধিক লৈ প্রতিবাদ সাব্যস্ত কৰিলেও মূল্যবৃদ্ধি হৈয়েই আছে৷ প্রতিদিনে ইন্ধনৰ মূল্যবৃদ্ধি অব্যাহত থকাৰ পৰিপ্রেক্ষিতত প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্যই অভিলেখ গঢ়ি আছে৷

দেশৰ সকলো প্রান্ততে প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্য সর্বকালৰ শিখৰত৷ দেশৰ ৰাজধানী দিল্লীৰ পৰা মায়ানগৰী মুম্বাই, কলকাতা, চেন্নাইৰ পৰা উত্তৰ–পূর্বাঞ্চললৈক্ পেট্র’ল আৰু ডিজেলৰ মূল্যই নতুন শিখৰত উঠিছে৷ কার্যতঃ পেট্র’ল–ডিজেলৰ মূল্যই অভিলেখ গঢ়িছে৷ তথ্য মতে, বিগত দুবছৰত প্রতিলিটাৰ পেট্র’লৰ দাম ৩৪ টকা বৃদ্ধি পাইছে৷ তেনেদৰে প্রতিলিটাৰ ডিজেলৰ মূল্য ২৯.৫ টকা বৃদ্ধি পাইছে৷

আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য আৰু কৰৰ বাবেই দেশত পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে৷ ৰাজহুৱা খণ্ডৰ কোম্পানী অইলসহ চাৰি কোম্পানীয়ে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য আৰু মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ তাৰতম্যৰ আধাৰত প্রতি পষেকে পেট্র’ল আৰু ডিজেলৰ মূল্য পুনৰীক্ষণ কৰে৷ ইয়াৰ আধাৰতেই বিগত কেইবামাহ ধৰি পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰি থকা হৈছে৷

বিগত দুবছৰৰ ভিতৰত প্রথম বছৰৰ তুলনাত দ্বিতীয় বছৰত প্রতিলিটাৰ পেট্র’লৰ মূল্য অধিক বৃদ্ধি পাইছে৷ ঠিক তেনেদৰে অনুৰূপ হৈছে ডিজেলৰ ক্ষেত্রতো৷ এটা বছৰত প্রতিলিটাৰ পেট্র’লৰ মূল্য ৩২ শতাংশ বৃদ্ধি পাইছে আৰু দুটা বছৰত ৪৬ শতাংশ বৃদ্ধি হৈছে৷ ঠিক তেনেদৰে প্রতিলিটাৰ ডিজেলৰ মূল্য এটা বছৰত ৩৫ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে দুটা বছৰত ৪৫ শতাংশ বৃদ্ধি পাইছে৷

গুৰুত্বপূর্ণ যে ক’ভিড–১৯ লকডাউনৰ সময়ৰে পৰা দেশত পেট্র’ল–ডিজেল আৰু ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাই আছে৷ সাময়িকভাৱে কিছুদিন এই মূল্য সুস্থিৰ কৰি ৰাখিলেও তেল কোম্পানীসমূহে পুনৰ দিনে দিনে পেট্র’ল আৰু ডিজেলৰ মূল্য পইচা পইচাকৈ বৃদ্ধি কৰি আছে৷ আজি প্রতিলিটাৰ পেট্র’লত ৩৫ পইচা বৃদ্ধি কৰাত ৰাজধানী দিল্লীত পেট্র’লৰ মূল্য ১০৬.৮৯ টকা, মুম্বাইত ১১২.৮ টকা৷

আনপিনে আজি প্রতিলিটাৰ ডিজেলৰ মূল্য দিল্লীত ৯৫.৬ টকা আৰু মুম্বাইত ১০৩.৬ টকা৷ ৰাজস্থানৰ গংগা নগৰত দেশৰ ভিতৰত প্রতিলিটাৰ পেট্র’লত সর্বাধিক ১১৮.৫ টকা আৰু প্রতিলিটাৰ ডিজেলত ১০৯.৪ টকা৷ গুৰুত্বপূর্ণ যে পেট্র’ল আৰু ডিজেলত কেন্দ্রীয় চৰকাৰৰ কৰ আৰু ৰাজ্য চৰকাৰৰ ভেট সন্নিৱিষ্ট হৈ থকা বাবে দুয়োবিধ ইন্ধনৰ মূল্যবৃদ্ধিত অৰিহণা যোগাই আছে৷ ৰাজধানী দিল্লীত প্রতিলিটাৰ পেট্র’লৰ গ্রাহকে ৫৭.২৪ টকা আৰু প্রতিলিটাৰ ডিজেলত ৪৫.৫৭ টকা আদায় দি আছে৷ ইপিনে অসমৰ ৰাজধানী গুৱাহাটীত আজি প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০২.৮৭ টকা আৰু প্রতিলিটাৰ ডিজেলৰ মূল্য ৯৫.৩৯ টকা৷

You might also like