নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইম মেগাজিনৰ ১০০ সবাতোকৈ প্রভাৱী লোকঃ বিশ্বৰ প্রভাৱশালী ব্যক্তিৰ তালিকাত মোদী

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ  প্রসিদ্ধ টাইম মেগাজিনৰ ‘বিশ্বৰ ১০০ সবাতোকৈ প্রভাৱশালী ব্যক্তি ২০২১’ৰ তালিকাত স্থান লাভ কৰিছে প্রধানমন্ত্রীসহ তিনি ভাৰতীয়ই৷ বৃহস্পতিবাৰে ঘোষিত টাইম মেগাজিনৰ প্রভাৱশালী ব্যক্তিৰ তালিকাত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী আৰু এছ আই আইৰ চি ই অ’ আদৰ পুনাৱালাই স্থান লাভ কৰিছে৷ বাটকটীয়া, নেতা, শিল্পী, আইকন, টাইটান আৰু উদ্ভাৱকৰ ৬টা শিতানত প্রস্তুত কৰা টাইম মেগাজিনৰ ২০২১ বর্ষৰ তালিকাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্থান লাভ কৰাই নহয়, স্বাধীনতাৰ পাছত ভাৰতৰ তিনি মুখ্য ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিছে৷ প্রধানমন্ত্রী মোদীক স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ সৈতে তিনি মুখ্য ব্যক্তিৰ স্থান দি এই তালিকাত অন্তর্ভুক্ত কৰিছে৷ চি এন এনৰ সাংবাদিক ফাৰিদ জাকাৰিয়াই টাইম মেগাজিনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জীৱনপঞ্জী লিখিছে৷ এই লেখাত ৭০ বছৰীয়া মোদীক স্বাধীন ভাৰতৰ ৰাজনীতিত জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ দৰেই ভাৰতীয় ৰাজনীতিক দমন কৰা বুলি উল্লেখ কৰিছে৷

উল্লেখ্য যে ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত প্রধানমন্ত্রী মোদী সমালোচিত হ’লেও তেওঁৰ জনপ্রিয়তা এতিয়াও শীর্ষতে আছে বুলি সাংবাদিকগৰাকীয়ে প্রকাশ কৰিছে৷ আনপিনে প্রভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিষয়ে লিখিছে সাংবাদিক বর্ষা দত্তই৷ আলোচনীখনত মমতা বেনার্জীক ভাৰতীয় ৰাজনীতিৰ নির্ভীক মুখ বুলি আখ্যা দিয়া হৈছে৷ সাংবাদিক দত্তই লিখা মতে, ৬৬ বছৰীয়া বেনার্জীয়ে কৈছিল– তৃণমূল কংগ্রেছক তেওঁ নেতৃত্ব নিদিয়ে৷ তেৱেঁই দল৷ পথৰ যুঁজাৰুৰ দৰে উদ্যম আৰু নিজাকৈ ৰাজনীতিত প্রতিষ্ঠা কৰিবলৈ সক্ষম৷ তালিকাখনত মমতা বেনার্জীক প্রভাৱশালী নেতা হিচাপে স্থান দিয়া হৈছে৷

তদুপৰি এই তালিকাত স্থান লাভ কৰিছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছ আই আই)ৰ চি ই অ’ আদৰ পুনাৱালাই৷ অভিশ্যান্ত কিডনাগুৰে এছ আই আইৰ চি ই অ’ পুনাৱালাৰ বিষয়ে আলোচনীখনত লিখিছে৷ টাইম মেগাজিনৰ বাটকটীয়া শিতানত আদৰ পুনাৱালাক স্থান দিয়া হৈছে৷

উল্লেখ্য যে এছ আই আইৰ চি ই অ’ আদৰ পুনাৱালাই তেওঁৰ কোম্পানীৰ দ্বাৰা বিকশিত ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড ২০২১ বর্ষৰ শেষলৈকে বিশ্বৰ উন্নয়নশীল দেশসমূহৰ কাৰণে ১.১ বিলিয়ন ভেকচিন ড’জ উৎপাদন কৰি যোগানৰ প্রতিশ্রুতি দিছিল৷ তিনি ভাৰতীয়ৰ লগতে এই তালিকাত স্থান লাভ কৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন আৰু উপ–ৰাষ্ট্রপতি কমলা হেৰিছ, চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং, আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প, প্রিন্স হেৰি আৰু মেগন, ইজৰাইলৰ প্রধানমন্ত্রী নাফটালি বেনেট, টেছলাৰ চি ই অ’ এলন মাস্ক, জাপানৰ টেনিছ তাৰকা নাওমি অ’ছাকা, পপ ষ্টাৰ ব্রিটনি স্পেয়ার্ছ, হলীউড অভিনেত্রী কেট উইন্ছলেট আদিয়ে৷

You might also like