তামিলনাডুৰ ৰাজনীতিত এইবাৰ এক গুৰুত্বপূৰ্ণ পৰিৱর্তন দেখা গৈছে। বিধানসভা নিৰ্বাচনত অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ৰ দল TVKয়ে ১০৮খন আসন লাভ কৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। অৱশ্যে, স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ১১৮টা আসনৰ পৰা কিছু দূৰত থকাৰ বাবে চৰকাৰ গঠনক লৈ চলিছে তীব্ৰ ৰাজনৈতিক গণিত।
এই পৰিস্থিতিৰ মাজতে AIADMK শিবিৰত বিদ্ৰোহৰ সুৰ স্পষ্ট হৈ উঠিছে। TVKক সমৰ্থন দিয়াৰ বিষয়ত দলটো দুটা ভাগত বিভক্ত হোৱা দেখা গৈছে। বুধবাৰে (৬ মে’) অনুষ্ঠিত হ’বলগীয়া বিধায়ক দলৰ বৈঠকো শেষ মুহূৰ্তত স্থগিত কৰা হয়, যি ঘটনাই ৰাজনৈতিক উত্তেজনা আৰু বঢ়াই তুলিছে।
সূত্ৰ অনুসৰি, AIADMKৰ ৪৭জন বিধায়কৰ ভিতৰত অধিকাংশই TVKক সমৰ্থন জনোৱাৰ পক্ষত আছে। ইফালে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটোৰ জ্যেষ্ঠ নেতা এডাপ্পাডীক পৰোক্ষভাৱে সতৰ্কবাণী দিয়া হৈছে—যদি তেওঁ শীঘ্ৰে সিদ্ধান্ত নলয়, তেন্তে ৩০ৰ অধিক বিধায়ক দল ভাঙি বিজয়ৰ পক্ষত যাব পাৰে। এই সম্ভাৱ্য বিদ্ৰোহৰ নেতৃত্বত আছে চি ভি শণ্মুগম। খবৰ অনুসৰি, তেওঁৰ বাসগৃহত শীঘ্ৰেই কেইবাজনো বিধায়ক উপস্থিত হ’ব পাৰে।
উল্লেখযোগ্য যে, TVKয়ে এই নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এতিয়া চৰকাৰ গঠনৰ বাবে তেওঁলোকে DMK আৰু AIADMK—উভয় শিবিৰৰ সহযোগী দলসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। আনহাতে, DMK মিত্ৰজোঁটৰ অংশ কংগ্ৰেছে (৫টা আসন লাভ কৰা) TVKক সমৰ্থন জনোৱাৰ ক্ষেত্ৰত অধিক আগ্ৰহী বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে।
এই সকলো পৰিস্থিতিয়ে তামিলনাডুৰ ৰাজনীতিত অনিশ্চয়তা বৃদ্ধি কৰিছে। আগন্তুক দিনসমূহত কোনে চৰকাৰ গঠন কৰিব আৰু কেনেদৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিব—সেয়া এতিয়া ৰাজ্যবাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন হিচাপে থিয় হৈ আছে।
ডিজিটেল ডেস্ক, ৬ মে’