নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুলে মিথ্যাচাৰৰ নতুন পৰম্পৰা আৰম্ভ কৰিছে : অমিত শ্বাহ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে’ : সশস্ত্র সেনা নিযুক্তিৰ কেন্দ্রীয় চৰকাৰৰ ‘অগ্নিবীৰ’ আঁচনিক লৈ ৰাহুল গান্ধীৰ বক্তব্যক কঠোৰ ভাষাৰে গৰিহণা জনাই কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে নির্বাচনত নতুন নতুন বিষয়ক লৈ মিথ্যাচাৰৰ নতুন পৰম্পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰা বুলি সমালোচনা কৰে৷ চলিত লোকসভা নির্বাচনত নতুন নতুন বিষয়ক নির্বাচনী ইছ্যু হিচাপে লোৱা ৰাহুল গান্ধীয়ে কেন্দ্রৰ আঁচনিসমূহ বিশেষকৈ অগ্নিবীৰক লৈ মিথ্যাচাৰ চলাইছে বুলি সমালোচনা কৰে গৃহমন্ত্রী শ্বাহে৷ গৃহমন্ত্রীগৰাকীয়ে কয় যে ৰাহুল গান্ধী ৰাজনীতিলৈ অহাৰ পিছত দেশৰ ৰাজনীতিয়েই সলনি হৈ গৈছে৷ পূর্বে ৰাজনৈতিক দলসমূহে জনতাৰ সন্মুখত প্রকৃত বিষয়ক আঁতৰাই ৰাখিছিল৷ তেওঁলোকে কেতিয়াও মিথ্যাচাৰক প্রাধান্য দিয়া নাছিল৷ ৰাহুল গান্ধীয়ে ৰাজনীতিত মিথ্যাচাৰ চলাই নতুন পৰম্পৰা আৰম্ভ কৰিছে৷ আনপিনে গৃহমন্ত্রীগৰাকীয়ে পাক অধিকৃত কাশ্মীৰ ভাৰতৰ বুলি দাবী কৰি তাক ওভতাই অনা হ’ব বুলিও স্পষ্ট কৰি দিয়ে৷ পুনা জিলাৰ অম্বত এক বিশাল সমাৱেশ সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে এই মন্তব্য আগবঢ়াইছে৷

You might also like