লালকিল্লা-ৰ বিস্ফোৰণ : গৃহমন্ত্ৰীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক, দিল্লীজুৰি অভিযান
ৰিদাবাদ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে একযোগে ফতেহপুৰ টাগা আৰু ধৌজ অঞ্চলৰ পৰা বিপুল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰৰ ভঁৰাল উদ্ধাৰ কৰিছে
লালকিল্লা-ৰ সমীপত হোৱা বিস্ফোৰণৰ ঘটনাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহে উচ্চস্তৰৰ পৰ্যালোচনা বৈঠক আহ্বান কৰিছে। এই বৈঠকত NIA, দিল্লী আৰক্ষী আৰু অনুসন্ধানকাৰী সংস্থাৰ শীৰ্ষ অধিকাৰী উপস্থিত থাকিব।
সুৰক্ষা সংস্থাসমূহে সমগ্ৰ ৰাজধানীত সতৰ্কতা বৃদ্ধি কৰিছে আৰু সন্দেহজনক ব্যক্তিৰ ওপৰত নজৰ ৰাখিছে।
লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণক লৈ দিল্লী আৰক্ষীয়ে UAPA আইনৰ অধীনত এটা এফআইআৰ নথিভুক্ত কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন স্থানত ইতিমধ্যে আৰক্ষীৰ অভিযান আৰম্ভ হৈছে।
প্ৰাৰম্ভিক অনুসন্ধানত পোৱা তথ্য অনুসাৰে, এই বিস্ফোৰণৰ সম্পৰ্ক ফৰিদাবাদত ধৰা পৰা এটা আতংকবাদী মডিউলৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে।
ইপিনে, বিস্ফোৰণৰ পাছত ফৰিদাবাদ আৰক্ষীয়ে ডাঙৰ স্তৰৰ সন্ধান অভিযান চলাইছে। ধৌজ গাঁও, ফতেহপুৰ টাগা গাঁও আৰু আলফালাহ কলেজ অঞ্চলত আৰক্ষীয়ে তীব্ৰ তালাচী অভিযান অব্যাহত ৰাখিছে।
ইতিমধ্যে, ফৰিদাবাদ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে একযোগে ফতেহপুৰ টাগা আৰু ধৌজ অঞ্চলৰ পৰা বিপুল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰৰ ভঁৰাল উদ্ধাৰ কৰিছে।
ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ