নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰবোমাত ৰক্তাক্ত ৰাজধানী : সন্ধিয়া ৬.৫২ বজাত দিল্লীৰ লালকিল্লাৰ মেট্র’ গেটৰ পার্কিঙত ভয়ংকৰ বিস্ফোৰণ

নিউজ ডেস্ক, ১১ নৱেম্বৰ : নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰ মাজত থকা নতুন দিল্লী বিস্ফোৰণত ৰক্তাক্ত হৈ পৰিল৷ লালকিল্লাৰ সন্মুখৰ পার্কিঙত থকা এখন বাহনত বিস্ফোৰণ সংঘটিত হোৱাত সমগ্র অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ এই ঘটনাত বর্তমানলৈকে ১৩জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৩০জনৰো অধিক লোক আহত হয়৷ আহতসকলক দিল্লীৰ এল এন জে পি হাস্পতালত ভর্তি কৰা হৈছে৷

কালি সন্ধিয়া ৬.৫২ বজাত লালকিল্লাৰ মেট্র’ ১ নম্বৰ গেটৰ পার্কিঙত ৰখাই থোৱা আই-২০ বাহনত বিস্ফোৰণ হয়৷ বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে একাধিক বাহন বহু ওপৰলৈ উৰি যোৱাৰ লগতে যে বহু লোকৰ মাংসপিণ্ড পথত সিঁচৰতি হৈ পৰে৷ বর্তমানলৈকে ঘটনাৰ সৈতে কোন জড়িত তাৰ কোনো তথ্য লাভ কৰা নাই৷ ইফালে, এই পার্কিঙৰ সন্মুখতে এটা জৈন মন্দিৰ আৰু উমা শংকৰ মন্দিৰ থকা অঞ্চলটোত সন্ধিয়াৰ সময়ত বহু লোকৰ সমাগম হৈছিল৷ বিস্ফোৰণৰ ফলত ২২খনৰো অধিক বাহনত জুই লগাত হতাহতৰ সংখ্যা বৃদ্ধি পায় বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে এনএছজি আৰু ফৰেনছিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ এখন আই-২০ বাহনত এই বিস্ফোৰণ সংঘটিত হয়৷ হাৰিয়ানাৰ পঞ্জীকৃত বাহনখন চিনাক্তকৰণৰ পিছতে বাহনখনৰ পূর্বৰ গৰাকী নাদিম খানক ফৰিদাবাদত আটক কৰা হৈছে৷

উল্লেখ্য যে কালি দিল্লী আৰু ফৰিদাবাদত দুগৰাকী চিকিৎসকৰ কবলৰ পৰা প্রায় ২,৯০০ কেজি বিস্ফোৰকসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্র উদ্ধাৰৰ পিছতে দিল্লীত সংঘটিত এই বিস্ফোৰণৰ ঘটনাই সমগ্র দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইয়াৰ পিছতে দেশৰ প্রধান চহৰসমূহত হাই এলার্ট জাৰি কৰাৰ লগতে নিৰাপত্তাৰক্ষীক সষ্টম হৈ থকাৰ নির্দেশ দিয়া হৈছে৷ ৰাজধানী দিল্লীত সংঘটিত ভয়ংকৰ বিস্ফোৰণ সন্দেহজনক সন্ত্রাসবাদীয়ে সংঘটিত কৰা বুলি প্রাথমিক তদন্তত ঠাৱৰ কৰা হৈছে ৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে পাকিস্তান সীমান্তৱর্তী কাশ্মীৰত ৰেড এলার্ট জাৰি কৰাৰ উপৰি মুম্বাই, কলকাতা, মধ্যপ্রদেশ, উত্তৰ প্রদেশ, হাৰিয়ানা আৰু গুজৰাটত ৰেড এলার্ট জাৰি কৰিছে৷ উল্লিখিত ৰাজ্যসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ উপৰি যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থকাৰ নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ উল্লেখ্য যে কালি কাশ্মীৰ আৰু হাৰিয়ানাত বিশাল পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱাৰ পিছতেই দিল্লীত সন্ধিয়া সংঘটিত বোমা বিস্ফোৰণে বিশেষ তাৎপর্য বহন কৰিছে৷ এক শীর্ষ নিৰাপত্তা সূত্রই প্রকাশ কৰা মতে, বিস্ফোৰক উদ্ধাৰ আৰু দিল্লী বিস্ফোৰণৰ মাজত যোগসূত্র থাকিব পাৰে আৰু এই বিস্ফোৰণত পাক সমর্থিত সন্ত্রাসবাদী জড়িত থকাৰ প্রচুৰ সম্ভাৱনা আছে৷

You might also like