দিল্লী বিস্ফোৰণ : আত্মঘাতী বোমাৰু ড° ওমৰ নবীৰ প্ৰথম আলোকচিত্ৰ প্ৰকাশ
সুৰক্ষা সংস্থাসমূহে ইতিমধ্যে বিস্ফোৰণত ব্যৱহৃত বাহনখন জব্দ কৰিছে আৰু আতংকবাদী সংগঠনসমূহৰ সম্পৰ্কত গুৰুতৰ অনুসন্ধান চলি আছে
প্ৰকাশ পাইছে দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ সৈতে জড়িত আত্মঘাতী বোমাৰু ড° ওমৰ নবীৰ প্ৰথমখন আলোকচিত্ৰ। বিস্ফোৰণত ব্যৱহৃত i20 বাহনখন ড° ওমৰ নবীয়ে নিজেই লালকিল্লা মেট্ৰ ষ্টেচনৰ পৰা চলাই আনিছিল বুলি আৰক্ষী সূত্ৰে জনোৱা হৈছে।
সূত্ৰ মতে, ড° ওমৰ নবী ফৰিদাবাদৰ আলফালাহ মেডিকেল কলেজৰ চিকিৎসক আছিল আৰু তেওঁৰ আতংকবাদী নেটৱৰ্কৰ সৈতে সম্পৰ্ক আছিল বুলি সন্দেহ কৰা হৈছে।
বিস্ফোৰণৰ পূৰ্বে CCTV ফুটেজত বন্দী হোৱা i20 বাহনখনত ড° ওমৰক চালকৰ আসনত দেখা গৈছে। বাহনখনৰ নম্বৰ HR 26 CE 7674 বুলিও চিনাক্ত কৰা হৈছে।
সুৰক্ষা সংস্থাসমূহে ইতিমধ্যে বিস্ফোৰণত ব্যৱহৃত বাহনখন জব্দ কৰিছে আৰু আতংকবাদী সংগঠনসমূহৰ সম্পৰ্কত গুৰুতৰ অনুসন্ধান চলি আছে।
প্ৰাথমিক তথ্য অনুসাৰে, এই বিস্ফোৰণ UAPA আইনৰ অধীনত নথিভুক্ত কেচৰ সৈতে সম্পৰ্কিত হোৱাৰ সম্ভাৱনা শক্তিশালী হৈছে।
ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ