বেদেতী ষ্টেচনত আজিৰে পৰা ৰ’ব দুখনকৈ যাত্ৰীবাহী ৰে’ল
পূব বিহালী তথা বেদেতীবাসীৰ বাবে ভাল খবৰ। বিহালীৰ বেদেতী ৰেলৱে ষ্টেচনত ৰ’ব উজনিমুৱা ৰঙিয়া মুৰ্কংচলেক আৰু ডেকাৰগাঁও মুৰ্কংচলেক দুখনকৈ যাত্ৰীবাহী ৰেল। উল্লেখযোগ্য যে উক্ত ৰেলৱে ষ্টেচনত পূৰ্বে ৰেল ৰখোৱাৰ ব্যৱস্থা আছিল যদিও কভিডৰ সময়ত বাতিল কৰা হৈছিল ৰেল সেৱা।
এই সন্দৰ্ভত বেদেতী আঞ্চলিক উন্নয়ন সমিতিৰ প্ৰৱল দাবীত অৱশেষত দুখনকৈ যাত্ৰীবাহী ৰেল ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এইক্ষেত্ৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে বেদেতীবাসীয়ে।
জানিব পৰা মতে প্ৰথম দিনা উজনিমুৱা আৰু নামনিমুৱা দুখন ৰেলত ৫ হাজাৰ টকাৰ টিকট বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী