নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত শুভেন্দু অধিকাৰীয়ে প্ৰথম কেবিনেট বৈঠকতে ললে ৬টা ডাঙৰ সিদ্ধান্ত

শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকতে গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত। বৈঠকত সীমান্ত সুৰক্ষা, স্বাস্থ্য, নিয়োগ আৰু জনকল্যাণমূলক আঁচনি সন্দৰ্ভত ৬টা ডাঙৰ সিদ্ধান্ত লোৱা হয়।

কেবিনেট বৈঠকৰ মূল সিদ্ধান্ত

BSFলৈ ভূমি হস্তান্তৰ
সীমান্তত ফেন্সিং নিৰ্মাণৰ বাবে Border Security Force (BSF)-ক ভূমি হস্তান্তৰৰ কাম আজিৰ পৰাই আৰম্ভ কৰা হ’ব। অহা ৪৫ দিনৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে।

আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণ
পশ্চিমবংগত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভাৰত আঁচনি কার্যকৰী কৰা হ’ব। পূৰ্বে মমতা বেনাৰ্জী চৰকাৰে এই আঁচনি কাৰ্যকৰী নকৰি ‘স্বাস্থ্য সাথী’ আঁচনি চলাই আছিল।

বিশ্বকৰ্মা আৰু উজ্জ্বলা আঁচনি কার্যকৰী
পিএম বিশ্বকৰ্মা আৰু প্ৰধানমন্ত্ৰী উজালা যোজনা পশ্চিমবংগত ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

নিয়োগ প্ৰক্ৰিয়া পুনৰ আৰম্ভ
দীর্ঘদিন ধৰি স্থগিত হৈ থকা চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হ’ব। লগতে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৫ বছৰৰ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

জনগণনা প্ৰক্ৰিয়া পুনৰ আৰম্ভ
পশ্চিমবংগত স্থগিত কৰি ৰখা জনগণনা প্ৰক্ৰিয়া আজিৰ পৰা পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

বৰ্তমানৰ আঁচনি বন্ধ নহ’ব
বৰ্তমান চৰকাৰৰ অধীনত চলি থকা জনকল্যাণমূলক আঁচনিসমূহ বন্ধ কৰা নহ’ব বুলি কেবিনেটে স্পষ্ট কৰিছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ নেতৃত্বত অনুষ্ঠিত এই কেবিনেট বৈঠকত দিলীপ ঘোষ, অগ্নিমিত্ৰা পল, অশোক কিৰ্তানীয়া, খুদিৰাম টুডু আৰু নিশিথ প্ৰামাণিক উপস্থিত আছিল।

ইফালে, এতিয়াও মন্ত্ৰালয়সমূহৰ দায়িত্ব বণ্টন কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। অহা সোমবাৰে পুনৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব।

ডিজিটেল ডেস্ক, ১১ মে’

You might also like