নিয়মীয়া বাৰ্তা, চৰাইদেউ, ১১ মে’ : যোৱানিশা অহা এজাক প্ৰবল ধুমুহা-বৰষুণে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে ৷ জিলাখনৰ চফ্ৰাই, মাইবেলা, মথুৰাপুৰ আদিৰ বিভিন্ন অঞ্চলত ধুমুহা-বৰষুণজাকে ব্যাপক ক্ষতি কৰে৷
নিশা আচম্বিতে অহা বিধ্বংসী ধুমুহা-বৰষুণজাকে বহু লোকৰ ঘৰ-বাৰী, অনুষ্ঠান-প্রতিষ্ঠান আদিৰ টিনপাত উৰুৱাই নিয়ে। সমান্তৰালভাৱে বিভিন্ন ঠাইত বহু গছ-গছনি ভাঙি পৰা, উভালি যোৱাত দীঘলীয়া সময় ধৰি জিলাখনৰ সদৰ পথ ধোদৰ আলিকে ধৰি আন আন অঞ্চলত যাতায়াত ব্যৱস্থা স্থবিৰ কৰি তোলাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি বিদ্যুৎ সেৱা ব্যাহত কৰে৷
ইফালে, উক্ত প্রচণ্ড ধুমুহা-বৰষুণত মথুৰাপুৰ অঞ্চলৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত শিক্ষানুষ্ঠানখনৰ বিস্তৰ ক্ষতি হয়৷ ধুমুহা-বৰষুণজাকে শিক্ষানুষ্ঠানখনৰ নথি-পত্রকে ধৰি বহু সামগ্ৰী নষ্ট কৰে৷ আনহাতে, বিদ্যালয়খনিৰ টিনপাত উৰুৱাই নিয়াৰ ফলত আজি পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।
মাইবেলা, মথুৰাপুৰ আদিৰ বিভিন্ন অঞ্চলত ধুমুহাই বহুসংখ্যক পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বৃহৎ বৃহৎ গছ ভাঙি উভালি পৰি বিস্তৰ ক্ষতিসাধন কৰে। কেইবাটাও ঘৰৰ ওপৰত গছ উভালি পৰাত ঘৰসমূহ ধ্বংসস্তূপত পৰিণত হোৱাৰ বাতৰি পোৱা গৈছে ৷