নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত ‘চিহ্ণ’ৰ মনোজ্ঞ লাইভ অনুষ্ঠান

‘ব্রিজ অৱ কালচাৰ’–এৰে সামাজিক–সাংস্কৃতিক ক্ষেত্রখনক আগুৱাই নিয়াৰ অভিনৱ প্রয়াস

  • প্রাঞ্জল কুমাৰ মহন্ত

লকডাউনৰ সময়ত জনতাই গৃহবন্দী হৈ চৰম অসুবিধাৰ সন্মুখীন হোৱাৰ সময়তে বহুতো সৃষ্টিশীল লোকে ব্যক্তিগত স্তৰত অথবা সামূহিক প্রয়াসেৰে বিভিন্ন সৃষ্টিশীল অনুষ্ঠান প্রদর্শন কৰি সমাজৰ সমাদৰ লাভ কৰিছে৷ লকডাউনৰ সময়তে সামাজিক–সাংস্কৃতিক অনুষ্ঠান ‘চিহ্ণ’ৰ উদ্যোগত  যোৱা ২৯ এপ্রিলৰ পৰাBridge of Culture নামেৰে  ফেচবুক লাইভৰ এক বিশেষ কার্যসূচী হাতত লোৱা হৈছে৷ প্রতিদিনাই অসমৰ একোজনকৈ গুণী শিল্পী ‘চিহ্ণ’ৰ ফেচবুক পেজৰ মাধ্যমেৰে ৩০ মিনিটৰ বাবে লাইভ অনুষ্ঠানত উপস্থিত থাকে আৰু নিজস্ব সাধনা ক্ষেত্রখনৰ এক মনোগ্রাহী ভাষণ আগবঢ়ায়৷ উক্ত দিনাৰ পৰা ‘চিহ্ণ’ৰ পেজত অসমৰ কলা–সংস্কৃতিৰ বিভিন্ন দিশৰ গুণী শিল্পীৰ অনুষ্ঠান পৰিৱেশন লাইভ কৰা হৈছে৷ লাইভ আগবঢ়োৱা শিল্পীসকলৰ অনুষ্ঠানে যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে গৃহবন্দী বহু ছাত্র–ছাত্রীক অসমৰ কলা–সংস্কৃতিৰ সম্যক ধাৰণা লাভ কৰাৰ ক্ষেত্রত যথেষ্ট সহায় কৰে৷ অনুষ্ঠানত অংশগ্রহণ কৰাসকলৰ ভিতৰত আছিল– অংকীয়া নাটৰ নৃত্যশিল্পী ৰুবুল কুমাৰ মহন্ত এজন পৰিচিত সূত্রধাৰী৷ তদুপৰি তেখেত বিশিষ্ট সত্রীয়া নৃত্যশিল্পী আৰু পৰিচালক৷ তেখেতে চিহ্ণৰ লাইভ অনুষ্ঠানত বিশেষতঃ বৰদোৱা থূলৰ অংকীয়া নাটত ব্যৱহূত নাচসমূহৰ ওপৰত আলোচনা আগবঢ়োৱাৰ লগতে বৰদোৱা শৈলীৰ গোসাঁনী নাচ, গোসাঁই নাচ, বেহাৰ নাচ, চলনা, পয়ানৰ নাচ আদি পৰিৱেশন কৰিও দেখুৱায়৷ সংস্কৃতলৈ জ্যোতি–বিষ্ণু–ভূপেনৰ লগতে শেহতীয়াকৈ দেশৰ ৰাষ্ট্রপ্রেমৰ সংগীতৰ অনুবাদ কৰি পৰিৱেশনেৰে সকলোৰে চিনাকি ৰঞ্জন বেজবৰুৱা এজন সংস্কৃতৰ সাধক৷ তেখেতে চিহ্ণৰ লাইভ অনুষ্ঠানত তেনে কেইবাটাও গীতৰ লগতে নিজেই সংস্কৃত ভাষাত ৰচনা কৰা গীত পৰিৱেশন কৰি এটি সুন্দৰ সুৰৰ সন্ধ্যা চিহ্ণক উপহাৰ দিয়ে৷ অংকীয়া নাটৰ নাচ আৰু অভিনয় শিতানত অনুষ্ঠান পৰিৱেশন কৰা বিস্মিতা দত্ত এগৰাকী বিশিষ্ট সত্রীয়া নৃত্য শিল্পী৷ তেখেতে চিহ্ণৰ লাইভ অনুষ্ঠানত মূলতঃ সত্রীয়া নৃত্য তথা ভাওনাৰ লগত জড়িত অভিনয়ৰ আংগিক,বাচিক, আহার্য আৰু সাত্ত্বিক ইত্যাদি বিভাগবোৰৰ বিশদভাৱে আলোচনা কৰে৷ দেবাংগ পল্লৱ শইকীয়াই ‘জীৱনাদর্শ’ শিতানত অংশগ্রহণ কৰে৷ তেখেত এগৰাকী লেখক তথা যুৱ উদ্যোগী৷ চিহ্ণৰ লাইভত দিল্লীৰ পৰা অসমলৈ উভতি আহি নিজৰ সপোনক সফল ৰূপ দিবৰ মানসেৰে ‘খাৰখোৱা’ নামে এটি অনুষ্ঠান জন্ম দি বিভিন্ন থলুৱা সামগ্রী বজাৰৰ জৰিয়তে ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ এটি সুন্দৰ জীৱন যাত্রাৰ কথা প্রকাশ কৰাৰ লগতে নৱপ্রজন্মক স্বাৱলম্বী হ’বৰ বাবে প্রেৰণা যোগালে৷ শিল্পী কুশ মহন্তই ‘খোলবাদন’ শিতানত অনুষ্ঠান পৰিৱেশন কৰে৷ তেখেত এজন প্রখ্যাত খোল বাদ্যশিল্পী৷ তেখেতে লাইভ অনুষ্ঠানত উপস্থিত হৈ নিজৰ হাতৰ অপূর্ব যাদুকৰী বুলনিত পৰিতাল আৰু চুটকলা তালৰ বিভিন্ন প্রকাৰসমূহেৰে খোলবাদন প্রদর্শন কৰি দেখুৱায় আৰু নৱপ্রজন্মৰ শিকাৰুৰ প্রতি এই বাদ্যৰ গহীন ৰূপত উপস্থাপন আৰু শুদ্ধ ৰূপত ফুটাই তুলি বাদন কৰিবলৈ আহ্বান জনায়৷ দেশে–বিদেশে সমাদৃতা ড০ অন্বেষা মহন্তই সত্রীয়া নৃত্য শিতানত অনুষ্ঠান পৰিৱেশন কৰে৷ তেখেত এগৰাকী বিশিষ্ট সত্রীয়া নৃত্যশিল্পী৷ তেখেতে সত্রীয়া নৃত্য আৰু  ভাওনা সংস্কৃতিৰ ওপৰত বিশদ বাখ্যা আগবঢ়ায়৷ তদুপৰি সত্রীয়া সংস্কৃতিৰ থূলৰ বিভাজনক তেখেতে ধনাত্মক দিশেৰে সুন্দৰ পর্যালোচনা কৰে লগতে নৃত্য পৰিৱেশন কৰে৷ শিল্পী মনোজ কুমাৰ দাস ‘খোলবাদন আৰু গুৰু বন্দনা’ শিতানত অংশগ্রহণ কৰে৷ তেখেত এগৰাকী সুদক্ষ খোলবাদ্য শিল্পী৷ তেখেতে বৰপেটা শৈলীৰ খোলবাদনৰ বিভিন্ন ক্রম, ধেমালি, তাল আদিৰ বিষয়ে চিহ্ণৰ লাইভ অনুষ্ঠানত আলোচনা কৰে৷ শিল্পী দীপক বৰাই ‘নাটক’ৰ শিতানত অংশগ্রহণ কৰে৷ সমগ্র অসমৰ নাট্য–প্রেক্ষাপটত দীপক বৰা এটি উজ্জ্বল নক্ষত্রৰ নাম৷ শিল্পী ড০ দেৱীকা বৰঠাকুৰে ‘সত্রীয়া নৃত্য’ শিতানত অংশগ্রহণ কৰে৷ দেৱীকা বৰঠাকুৰ সত্রীয়া নৃত্যৰ গৱেষক নৃত্যশিল্পী আৰু প্রশিক্ষক৷ তেওঁ এটি সুন্দৰ নৃত্যানুষ্ঠানেৰে আৰম্ভণি কৰি মাটি আখৰাৰ সুন্দৰ বর্ণনা দিয়ে৷ লগতে বিভিন্ন প্রশ্ণোত্তৰৰ জৰিয়তে নিজৰ অভিজ্ঞতাসমূহোবর্ণনা কৰে৷ লগতে কেশৱানন্দ দেৱগোস্বামী, জগন্নাথ মহন্তৰ সান্নিধ্যত কিদৰে সাধনা কৰিব পাৰিছে, তাৰ বিষয়েও অৱগত কৰায়৷ চিহ্ণৰ এই প্রয়াসে বহু গুণী লোককো উপকৃত কৰিছে৷ বিশেষকৈ লকডাউনৰ সময়ত সকলোধৰণৰ প্রশিক্ষণ তথা অনুশীলন বন্ধ হৈ যোৱাৰ ফলত ঘৰতে থাকি ইমানবোৰ গুৰুত্বপূর্ণ অনুষ্ঠান পর্যায়ক্রমে উপভোগ কৰি উপকৃত হৈছে৷ তদুপৰি অনাগত দিনসমূহত পেজটিৰ পৰা লাইভ অনুষ্ঠানত উপস্থিত থাকিব ‘গীত’ৰ শিতানত শিল্পী অনুধৃতি মহন্ত, মৌচুমী শইকীয়া, পম্পী বৰা, স্তুতি বাণী, সৌৰভ মহন্ত, মনদীপ আৰু মনমিত মহন্ত, অচিন্ত মহন্ত আৰু উদয় দত্ত, ‘মুখা শিল্প’ শিতানত ড০ হেমচন্দ্র গোস্বামী, ‘সত্রীয়া নৃত্য’ত থাকিব ড০ মল্লিকা কন্দলী, ডাঃ মীৰনন্দা বৰঠাকুৰ, মীনাক্ষি মেধি, মীনাক্ষি গগৈ, বৃষ্টি মহন্ত, সেউজপ্রিয়া গোস্বামী, মনশ্রী হাজৰিকা পাঠক, কাশ্মীৰী হাজৰিকা কাকতি, ‘খোল’ত গোবিন্দ মহন্ত, সত্রীয়া কেন্দ্রৰ পৰা থাকিব ৰতন হাজৰিকা আৰু ধনদা দাস হাজৰিকা, লগতে থাকিব কথক নৃত্যশিল্পী ৰূপাৰাণী দাস বৰা, নাটকৰ বিষয়ত লাইভ উপস্থাপন কৰিব প্রশান্ত শর্মা আৰু গুণাকৰ দেৱগোস্বামী৷ ইয়াৰ উপৰি সত্রীয়া সংস্কৃতিৰ পর্যালোচনা তথা আলোকপাত শিতানত লাইভ অনুষ্ঠানত অংশগ্রহণ কৰিব পৱিত্রপ্রাণ বৰা, ৰাজু দাস, দেৱানন্দ দেৱগোস্বামী সত্রাধিকাৰ প্রভু আৰু ৰঞ্জিত দেৱ মহন্তই৷ লকডাউনৰ সময়ত এনে অনুষ্ঠানৰ যোগেদি চিহ্ণই ছাত্র–ছাত্রীক বহুখিনি উপকৃত কৰিছে৷ চিহ্ণৰ অনুষ্ঠানসমূহৰ সম্পূর্ণ পৰিকল্পনা আৰু পৰিচালনা কৰিছে অংকীয়া নাটৰ শিল্পী ৰুবুল কুমাৰ মহন্ত আৰু শংকৰী চিত্রশিল্পী মৌচম বৰাই ৷

You might also like