নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰ ইণ্ডিয়াৰ ৫ গৰাকী পাইলটৰ শৰীৰত ক’ভিড-১৯; শেহতীয়াকৈ গৈছিল চীনলৈ

নিয়মীয়া বাৰ্তা, ১০ মে’ : দেওবাৰে এয়াৰ ইণ্ডিয়াৰ ৫ জন পাইলট ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ খবৰ পোহৰলৈ আহিছে । এয়াৰ ইণ্ডিয়াৰ সূত্ৰ অনুসৰি এই ৫ জন পাইলটেই বৰ্তমান এ ছিমণ্টমেটিক আৰু তেওঁলোক মুম্বাইত আছে ।ক’ৰোনাত আক্ৰান্ত হোৱা এই কেইজন পাইলট শেহতীয়াকৈ কাৰ্গ’ বিমানেৰে চীনলৈ গৈছিল ।

উল্লেখ্য যে দেশত দৈনিক ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে, দেশত যোৱা ২৪ ঘণ্টাত ৩২৭৭ নতুন পজিটিভ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে ১২৭ জন লোকৰ মৃত্যু ঘটিছে ।

You might also like