নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূৰ্যৰ শক্তি পৰিবহণৰ নতুন কৌশল উন্মোচন তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ

“ সূৰ্য কেৱল পোহৰ আৰু তাপৰ এক উজ্জ্বল পিণ্ডই নহয় ই এক গতিশীল আৰু সদায় সক্ৰিয় নক্ষত্ৰ যিয়ে পৃথিৱীৰ বায়ুমণ্ডল নিয়ন্ত্ৰণ কৰাৰ লগতে জীৱজগতক প্ৰাণদান কৰে। ইয়াৰ উজ্জ্বল পৃষ্ঠৰ তলত শক্তিশালী তৰংগ আৰু শক্তিযুক্ত কণাবোৰ অহৰহ গতি কৰি থাকে আৰু শক্তি বাহিৰলৈ উলিয়াই আনে। শক্তিৰ এই প্ৰৱাহ বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ ই সৌৰ বিস্ফোৰণ, মহাকাশৰ বতৰ আৰু আনকি পৃথিৱীৰ চুম্বকীয় পৰিৱেশৰ ওপৰতো প্ৰভাৱ পেলায়।”

তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সূৰ্য  পদাৰ্থবিজ্ঞানৰ এক গৱেষণাত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত এই বিষয়ে প্ৰকাশ কৰি কোৱা হৈছে যে,এই গৱেষণাত দেখা গৈছে যে উচ্চ-শক্তিৰ কণাসমূহে সূৰ্যৰ পৃষ্ঠত হোৱা কম্পন বা দোলনসমূহক  নতুন ৰূপ দিয়াৰ লগতে সূৰ্যৰ তলৰ বায়ুমণ্ডললৈ শক্তি পৰিবহণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। এই গৱেষণাৰ ফলাফলে সূৰ্যৰ মাজেৰে শক্তি কেনেকৈ গতি কৰে সেই সম্পৰ্কীয় এক দীৰ্ঘদিনীয়া ৰহস্যৰ ওপৰত নতুনকৈ পোহৰ পেলাইছে যিটো ভৌতিক প্ৰক্ৰিয়া সৌৰ সক্ৰিয়তা আৰু মহাকাশৰ বতৰৰ পৰিঘটনাৰ স’তে নিবিড়ভাৱে জড়িত।“

এনালাইচিচ অৱ চ’লাৰ ছাৰ্ফেচ অস্কিললেচনছ এণ্ড এনাৰ্জি ট্ৰেঞ্চপ’ৰ্ট উইথ বাইস্পেকট্ৰেল ইলেকট্ৰনিক থেৰমষ্টেটাইষ্টিকছ”  শীৰ্ষক এই গৱেষণাটো তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ জ্যেষ্ঠ গৱেষক ফেলো  সৌভিক দাস আৰু অধ্যাপক প্ৰলয় কুমাৰ কৰ্মকাৰে সম্পন্ন কৰিছে। এই গৱেষণাটো শেহতীয়াকৈ দি এষ্ট্ৰফিজিকেল জাৰ্ণেলত প্ৰকাশ পাইছে, যিখন জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিঃপদাৰ্থবিজ্ঞান ক্ষেত্ৰৰ বিশ্বৰ অন্যতম সন্মানীয় জাৰ্নেল৷সূৰ্যৰ পৃষ্ঠত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা শব্দ-সদৃশ তৰংগৰ বাবে সদায় কম্পন চলি থাকে, যাক “পাঁচ-মিনিটীয়া সূৰ্য দোলন ” বুলি কোৱা হয়।

এই দোলনসমূহে সূৰ্যক এটা ডাঙৰ ঘণ্টা বা প্ৰাকৃতিক সংগীত যন্ত্ৰৰ দৰে আচৰণ কৰিবলৈ বাধ্য কৰে। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি বিশ্বাস কৰি আহিছে যে এই দোলনবোৰে সৌৰ পৃষ্ঠৰ পৰা সূৰ্যৰ বায়ুমণ্ডললৈ শক্তি ওপৰলৈ পৰিবহণ কৰাত সহায় কৰে। অৱশ্যে, এই শক্তি কেনেকৈ বৰ্তি থাকে, উচ্চতাৰ স’তে ইয়াৰ কেনে পৰিৱৰ্তন ঘটে আৰু ই শক্তিশালী কণাসমূহৰ স’তে কেনেকৈ আন্তঃক্ৰিয়া কৰে এই বিষয়সমূহ বহু বছৰ ধৰি অন্বেষিত হৈ আছিল।এই গৱেষণাত, গৱেষকসকলে এটা উন্নত তাত্ত্বিক আৰ্হি প্ৰস্তুত কৰিছে যিয়ে সৌৰ প্লাজমাত উপস্থিত থকা নিম্ন-শক্তি আৰু উচ্চ-শক্তি উভয় ইলেক্ট্ৰনক সামৰি লৈছে। পৰম্পৰাগত পদ্ধতিসমূহৰ বিপৰীতে, এই নতুন আৰ্হিয়ে দ্ৰুতগতি সম্পন্ন উচ্চ-শক্তিৰ ইলেক্ট্ৰনসমূহ যাক ননথাৰ্মেল ইলেক্ট্ৰন  বুলি কোৱা হয় সূৰ্যৰ পৃষ্ঠ দোলনত কেনেকৈ প্ৰভাৱ পেলায় তাক বাস্তৱধৰ্মীভাৱে ব্যাখ্যা কৰে ।

গৱেষণাটোৱে প্ৰতিষ্ঠা কৰিছে যে শক্তিশালী ননথাৰ্মেল প্ৰভাৱৰ ফলত কিছুমান সূৰ্য তৰংগ, বিশেষকৈ চাপ-নিয়ন্ত্রিত পি মুদ দোলনসমূহ দুৰ্বল হৈ পৰে। উচ্চ-শক্তিযুক্ত ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে এই তৰংগৰ গতি হ্ৰাস পায়। ইয়ে সূচাইছে যে শক্তিশালী কণাসমূহ তৰংগৰ সক্ৰিয়তাক দমন কৰিব পাৰে আৰু সূৰ্যৰ নিম্ন বায়ুমণ্ডলত শব্দ তৰংগৰ শক্তি কেনেকৈ পুনৰ বিতৰণ হয়, তাকো প্ৰভাৱিত কৰে। এই পৰিবাহিত শক্তিয়ে স্পাইকুলছ,মাইক্ৰ’স্পাইকুলছ  আৰু বায়ুমণ্ডলীয় তৰংগবোৰক ত্বৰান্বিত কৰাত সহায় কৰে। লগতে ই সূৰ্যৰ বহিঃস্তৰ ক্ৰম’স্ফিয়াৰ আৰু ক’ৰ’না উত্তপ্ত কৰাত ভূমিকা পালন কৰে, যিবোৰ সূৰ্যৰ দৃশ্যমান পৃষ্ঠতকৈ অধিক গৰম।

এই সন্দৰ্ভত গৱেষণাটোৰ মুখ্য লেখক সৌভিক দাসে কয়- “আমাৰ ফলাফলসমূহে দেখুৱাইছে যে সূৰ্যৰ পৃষ্ঠত থকা কিছুমান দ্ৰুত দোলনে পূৰ্বৰ ধাৰণাতকৈ অধিক শক্তি বহন কৰিব পাৰে। একে সময়তে, শক্তিশালী ননথাৰ্মেল প্ৰভাৱে কিছুমান দোলনক দমন কৰিব পাৰে, যাৰ ফলত সূৰ্যৰ বায়ুমণ্ডলত শক্তিৰ ভাৰসাম্য আৰু পৰিবহণ কেনেকৈ হয় সেই বিষয়ে এক স্পষ্ট ধাৰণা পোৱা যায়।” ইয়াৰ উপৰিও, গৱেষকসকলে এটা নতুন সংকৰ ক্ষয় আৰ্হি (hybrid decay model) প্ৰস্তাৱ কৰিছে যাতে এই পি মুদ চালিত শক্তি সৌৰ পৃষ্ঠৰ পৰা ওপৰলৈ যোৱাৰ সময়ত কেনেকৈ ধীৰে ধীৰে কমি যায়, সেয়া ব্যাখ্যা কৰিব পাৰি।

এই শক্তি হঠাৎ নোহোৱা হৈ নাযায়; বৰঞ্চ, সূৰ্যৰ বায়ুমণ্ডলীয় আৰু চুম্বকীয় প্ৰভাৱৰ সংমিশ্ৰণৰ বাবে উচ্চতা বৃদ্ধিৰ লগে লগে এই শক্তি স্থিৰভাৱে হ্ৰাস পায়। এই কামে সৌৰ পৃষ্ঠৰ দোলনৰ শক্তি গতিশীলতাৰ বিষয়ে নতুন তথ্য আগবঢ়ায় আৰু সূৰ্যৰ বিভিন্ন বহিঃস্তৰত কিমান শক্তি উপনীত হয়, সেয়া সঠিকভাৱে নিৰূপণ কৰাত বিজ্ঞানীসকলক সহায় কৰে।গৱেষণাটোৰ তাত্ত্বিক ফলাফলসমূহ নাছাৰ ছলাৰ ডাইনেমিকছ অৱজাৰভেটৰী ৰ অন্তৰ্গত হেলিঅ’ছেইছমিক এণ্ড মেগনেটিক এণ্ড মেগনেটিক ইমেজাৰ  আৰু জাপানৰ হাইন’ড ছলাৰ অপ্টিকেল টেলিস্কোপৰ পৰা সংগৃহীত উচ্চমানৰ পৰ্যবেক্ষণ তথ্য ব্যৱহাৰ  কৰা হৈছে, যাৰ ফলত এই গৱেষণাৰ বাস্তৱ জগতত প্ৰাসংগিকতা নিশ্চিত হৈছে বুলিও বিবৃতিটোত কোৱা হৈছে।

গৱেষণাৰ তত্ত্বাৱধায়ক তথা পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক ড° প্ৰলয় কুমাৰ কৰ্মকাৰে কয়- “এই গৱেষণাই স্পষ্টভাৱে দেখুৱাইছে যে ছুপ্ৰাথাৰ্মেল ইলেক্ট্ৰনসমূহে কেনেকৈ সৌৰ পৃষ্ঠৰ দোলন আৰু শক্তি পৰিবহণক প্ৰবলভাৱে প্ৰভাৱিত কৰিব পাৰে। ই তাত্ত্বিক আৰ্হি আৰু পৰ্যবেক্ষণমূলক প্ৰমাণৰ মাজত এক সফল সংযোগ স্থাপন কৰিছে।”

সূৰ্যৰ মাজেৰে শক্তি কেনেকৈ প্ৰবাহিত হয় সেইটো বুজাটো কেৱল মৌলিক বিজ্ঞানৰ বাবেই নহয়, সৌৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰাৰ বাবেও গুৰুত্বপূৰ্ণ। কাৰণ এই ধুমুহাই পৃথিৱীত কৃত্ৰিম উপগ্ৰহ, বিদ্যুৎ গ্ৰীড আৰু যোগাযোগ ব্যৱস্থাত বিঘিনি ঘটাব পাৰে।

এই গৱেষণাই সূৰ্য আৰু মহাকাশ পদাৰ্থবিজ্ঞান ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ক্রমবর্ধমান অৱদানক উজ্জ্বল কৰি তোলতৰ লগতে দেশৰ ভিতৰত বিশ্বস্তৰীয় বৈজ্ঞানিক অনুসন্ধান আগবঢ়োৱা অন্যতম প্ৰতিষ্ঠান হিচাপে ইয়াৰ স্থান সুদৃঢ় কৰিছে বুলিও বিবৃতিটোত দাবী কৰা হৈছে৷

বাৰ্তা ব্যুৰ, তেজপুৰ, ১০ ফেব্ৰুৱাৰী

You might also like