নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা, বৃদ্ধি পালে পৰীক্ষার্থীৰ সংখ্যা

ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী : অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ এছেবৰ অধীনত আজিৰ পৰা ৰাজ্যজুৰি অনুষ্ঠিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ প্রায় এমাহজোৰা কার্যসূচীৰে ৰাজ্যৰ ১,০৪৬টা পৰীক্ষা কেন্দ্রত এইবাৰ মুঠ ৪,৩৮,৬৬৫গৰাকী পৰীক্ষার্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হ’ব৷

আজি পুৱা ৯ বজাৰ পৰা  আৰম্ভ হোৱা থিয়ৰী পৰীক্ষা অহা ২৭ ফেব্রুৱাৰীলৈ চলিব৷ বিগত বর্ষৰ তুলনাত এইবাৰ পৰীক্ষার্থী প্রায় ১৮ হাজাৰৰো অধিক বৃদ্ধি পাইছে ৷ যাৰ বাবে পৰীক্ষা কেন্দ্রৰ সংখ্যাও বৃদ্ধি কৰা হৈছে৷ পূর্বৰ তুলনাত এইবাৰ ১১৭টা কেন্দ্র বৃদ্ধি কৰা হৈছে৷ আনহাতে, পৰীক্ষা ব্যৱস্থাপনাৰ সমান্তৰালভাৱে উত্তৰবহী পৰীক্ষণৰ বাবেও সকলো সু–ব্যৱস্থা কৰা হৈছে৷ ৪৫টা মণ্ডলত উত্তৰবহীসমূহ মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে৷

প্রশ্ণকাকতসমূহ এইবাৰ একাদিক্রমে ইংৰাজী, অসমীয়া, বালাং, বড়ো আৰু হিন্দী ভাষাত ছপা কৰা হৈছে৷ পৰীক্ষাৰ সময়ছোৱাত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্রতিও বিশেষ নজৰ ৰখা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হ’ব লগা প্রতিগৰাকী পৰীক্ষার্থীক শুভেচ্ছা জনাইছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

আনহাতে, কাইলৈ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব ৮২১টা কেন্দ্ৰত। এই বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ৩,৩০,৩৪৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

You might also like