নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় মন্ত্রী সদানন্দ গৌড়া চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ কেন্দ্রীয় মন্ত্রী সদানন্দ গৌড়া আজি হঠাতে অসুস্থ হৈ পৰে৷ লগে লগে মন্ত্রীগৰাকীক হাস্পতালত ভর্তি কৰোৱা হৈছে৷ তেজত চেনিৰ পৰিমাণ অভাৱনীয়ভাৱে হ্রাস হোৱাৰ ফলত কর্ণাটকৰ চিত্রাদুর্গাত হঠাতে সংজ্ঞাহীন হৈ পৰে মন্ত্রীগৰাকী৷ শিৱম’গা চহৰৰ পৰা আহি থকা অৱস্থাত মন্ত্রীগৰাকী এনেদৰে অসুস্থ হৈ পৰে৷ তাৎক্ষণিকভাৱে মন্ত্রীগৰাকীক এখন হাস্পতালত ভর্তি কৰোৱা হয়৷ পৰৱর্তী সময়ত তেওঁক বাংগালুৰুৰ ব্যক্তিগত চিকিৎসালয় এখনলৈ প্রেৰণ কৰা হয়৷ বর্তমান ৬৭ বছৰীয়া মন্ত্রীগৰাকী সুস্থ বুলি হাস্পতালৰ সূত্রই সংবাদ মাধ্যমক জনাইছে৷ অৱশ্যে হাস্পতালত মন্ত্রীগৰাকীৰ স্বাস্থ্যৰ কেইবাটাও পৰীক্ষা কৰা হ’ব বুলি ঘোষণা কৰিছে জ্যেষ্ঠ চিকিৎসক এগৰাকীয়ে।

You might also like