নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌসেনা বাহিনীৰ ৩৩৮ চাকৰিৰ বিজ্ঞাপন

কেন্দ্রীয় চৰকাৰৰ নৌসেনা বাহিনীৰ Naval Dockyard, Mumbaiৰ অধীনত পৰিচালিত Dockyard Apprentice SchoolতApprenticeৰ ৩৩৮ পদ পূৰণ কৰা হ’ব৷ ইতিমধ্যে অর্হতাসম্পন্ন পুৰুষ/মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নৌসেনা বাহিনী কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, Apprenticeৰ ১ বছৰীয়া প্রশিক্ষণ (Apprenticeship Training) ৰ বাবে পূৰণ হ’বলগীয়া বিভাগসমূহৰ ভিতৰত আছে Electrician (49), Electroplater (1), Marine Engine Fitter (36), Foundry Man (2), Pattern Maker (2), Mechanic Diesel (39), Instrument Mechanic (8), Machinist (15), Mechanic Machine Tool Maintenance (15), Painter-General (11), Sheet Metal Worker (3), Pipe Fitter (22), Mechanic Ref. & AC (8), Tailor-General (4), Welder-Gas & Electric (23), Sjipwright Wood (21), Fitter (5), Mason Building Constructor (8), I&CTSM (3)৷ মুঠ পদ ৩০৩ৰ ভিতৰত অসংৰক্ষিত ১৮১, এছ চিৰ ৩০, এছ টিৰ ২৩, অ’বিচিৰ ৫৪, দিব্যাংগ প্রার্থীৰ বাবে ৭ আৰু আর্মড শ্রেণীৰ প্রার্থীৰ বাবে ৮ পদ সংৰক্ষিত থাকিব৷

আনহাতে, Apprenticeৰ ১ বছৰীয়া প্রশিক্ষণ(Apprenticeship Training)ৰ বাবে পূৰণ হ’বলগীয়া বিভাগসমূহৰ ভিতৰত আছেShipwright Steel (20), Rigger (14), Forger & Heat Treater (1)৷ মুঠ পদ ৩৫ৰ ভিতৰত অসংৰক্ষিত ২২, এছ চিৰ ৩, এছ টিৰ ৩ আৰু অ’বিচি শ্রেণীৰ প্রার্থীৰ বাবে ৭ পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী গড়ে ৫০ শতাংশ নম্বৰেৰে দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ সংশ্লিষ্ট ট্রেডত আই টি আইৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ প্রার্থীৰ জন্ম ১ আগষ্ট, ২০০১ আৰু ৩১ অক্টোবৰ, ২০০৮ৰ মাজত হোৱা হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ বাছনি পৰীক্ষা চলিত বছৰৰ আগষ্ট মাহত অনুষ্ঠিত হ’ব৷ আবেদনকাৰীৰ Height ১৫০ চেণ্টিমিটাৰ,Weight ৪৫ কেজি, Chest (Expansion) ৫ চেণ্টিমিটাৰ আৰু Eye Sight ৬/৬–৬/৯ হোৱাৰ লগতে শৰীৰৰ External আৰু Internal OrganসমূহNormal হ’ব লাগিব৷ প্রার্থীৰPhysical Fitness নৌসেনা বাহিনীৰ নিয়মাৱলী অনুসৰি হ’ব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৮ জুলাই, ২০২২৷ বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট https://dasapprenticembi.recttindia.in লগ–ইন কৰিব পাৰে৷

You might also like