নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চকুৰ স্বাস্থ্য আৰু ভাল দৃষ্টিশক্তি বজাই ৰখাৰ বাবে ৪ টা বিশেষ টিপছ

লেপটপ/কম্পিউটাৰ সঠিক দূৰত্বত ৰাখিব: বহুলোকে তেওঁলোকৰ ডিজিটেল সঁজুলিবোৰ চকুৰ একেবাৰে ওচৰতে ৰাখে । এনে লোকসকলৰ প্ৰায়ে চকুৰ সমস্যা হোৱাৰ আশংকা অধিক হয় । বিশেষকৈ কৰ্মক্ষেত্ৰত দীঘলীয়া সময়ৰ বাবে কম্পিউটাৰ বা লেপটপ ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত এই সমস্যা দেখা যায় ।

প্ৰাকৃতিক পোহৰত কাম কৰিবলৈ চেষ্টা কৰক:সদায়ে এলইডি বা টিউব লাইট ব্যৱহাৰ কৰাৰ সলনি প্ৰাকৃতিক পোহৰত কাম কৰিবলৈ চেষ্টা কৰিব । যেতিয়া সূৰ্যৰ পোহৰ দুৱাৰ আৰু খিৰিকীৰে আপোনাৰ কোঠাত প্ৰৱেশ কৰে, ই আপোনাৰ চকুক আৰাম দিয়ে । ই আপোনাক গোটেই দিনটো সক্ৰিয় হৈ থকাত সহায় কৰে ।

চকুৰ ব্যায়াম আৰম্ভ কৰক:কিছুমান নিয়মীয়া চকুৰ ব্যায়াম কৰিবলৈ প্ৰতি ২৪ ঘণ্টাত কিছু সময় উলিয়াওক । আপোনাৰ চকু, শৰীৰৰ আন অংশৰ দৰে শক্তিশালী আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন । ২০-২০-২০ নিয়মটো হৈছে এনে এক সৰল ব্যায়াম যিটো আপুনি ঘৰৰ পৰা কাম কৰোঁতে কৰিব পাৰে । প্ৰতি ২০ মিনিটৰ পিছত, ২০ ছেকেণ্ডৰ বাবে আপোনাৰ স্ক্ৰীণৰ পৰা আঁতৰি থাকক আৰু ২০ ফুট দূৰত্বত থকা যিকোনো বস্তুত মনোযোগ দিয়ক ।

ডাঙৰ ফন্ট ব্যৱহাৰ কৰক:আপোনাৰ লেপটপ বা কম্পিউটাৰত থকা ফণ্টৰ আকাৰে প্ৰায়ে আমাৰ চকুত প্ৰভাৱ পেলায় । ফণ্টটো যিমানে সৰু হয়, চকুৰ ওপৰত সিমানে অধিক চাপ পৰে । ইয়াৰ কাৰণ হৈছে সৰু ফণ্টবোৰ পঢ়াৰ সময়ত অধিক মনোযোগৰ প্ৰয়োজন হয়, যাৰ ফলত আপোনাৰ চকুত চাপ পৰে । সেয়েহে, দীঘলীয়া নথিপত্ৰ পঢ়ি থাকোঁতে, স্ক্ৰীণৰ ফণ্ট যিমান সম্ভৱ মিলাই লওঁক ।

You might also like