নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিআৰডিঅ’ৰ ১০ পদত নিযুক্তিৰ সুযোগ

ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত পৰিচালিত প্রতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা(Institute of Defence Research & Development Organisation) অর্থাৎ ডিআৰডি(DRDO)ত খালী হৈছে ১০ পদ৷

উক্ত খালী পদকেইটা ডিআৰডিঅ’ৰ অধীনত পৰিচালিতInstitute of Nuclear Medicine & Allied Sciencesত পূৰণ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিDRDOৰHead HRD (for Director)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Research Associate-Life Sciences (1), Research Associate-Chemistry (1), Research Associate-Pharma (2), Junior Research Fellowship-Chemistry (2), Junior Research Fellowship-Life Sciences (2), Junior Research Fellowship-Pharma (1), Junior Research Fellowship-Physics (1)৷Research Associate-Life Sciences পদৰ প্রার্থীLife Sciences/Biotechnology বিষয়তPh.D ডিগ্রীধাৰী হ’ব লাগিব৷Research Associate-Chemistry পদৰ প্রার্থীLife Sciences/Biotechnology বিষয়তPh.D ডিগ্রীধাৰী হ’ব লাগিব Organo-Metallic Chemistry/Synthesis of Metal Organic Frame Workৰ কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷Research Associate-Pharma পদৰ প্রার্থীPharmacology/Regulatory Pharmacology/Pharmaceutical Sciences বিষয়তPh.D ডিগ্রীধাৰী হ’ব লাগিব Animal Handling & Pharmacokineticsৰ কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷Research Associate-Life Sciences, Research Associate-Chemistry, Research Associate-Pharma পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৫৪,০০০ টকা Junior Research Fellowship-Chemistry পদৰ প্রার্থীChemistry বিষয়তM.Sc. ডিগ্রীধাৰী হ’ব লাগিব Junior Research Fellowship-Life Sciences পদৰ প্রার্থীLife Sciences/Biomedical Sciences/Biochemistry/Biotechnology বিষয়তM.Sc./B.Tech./M.Tech. ডিগ্রীধাৰী হ’ব লাগিব Junior Research Fellowship-Pharma পদৰ প্রার্থীPharma বিষয়তM.Pharma/M.Sc. ডিগ্রীধাৰী হ’ব লাগিব Junior Research Fellowship-Physics পদৰ প্রার্থীPhysics বিষয়তM.Sc. ডিগ্রীধাৰী হ’ব লাগিব৷Junior Research Fellowship-Chemistry, Junior Research Fellowship-Sciences, Junior Research Fellowship-Pharma, Junior Research Fellowship-Physics পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৩১,০০০ টকা৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ ডিআৰডি’ৰ ৱেবছাইট https://www.drdo.gov.in/whats-new লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ই–মেইল [email protected]যোে প্রেৰণ কৰিব লাগিব৷ প্রার্থী বাছনি অনলাইন সাক্ষাৎকাৰৰ মাধ্যমেৰে কৰা হ’ব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৪ ছেপ্ঢেম্বৰ, ২০২১৷

You might also like