নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকনির্মাণ বিভাগত ১৯ পদৰ বিজ্ঞাপন; আবেদনৰ অন্তিম তাৰিখ ৭ জানুৱাৰী

অসম চৰকাৰৰ লোকনির্মাণ (গড়কাপ্টানী গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ)বিভাগত খালী হৈছেAssitant Engineerৰ ১৯ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ অবৰ সচিবে এক বিস্তৃত নিয়োগ বিজ্ঞাপন অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্র আৰু বিভাগীয় ৱেবছাইটত প্রকাশ কৰিছে৷ মুঠ খালী পদ ১৯টাৰ ভিতৰত অসংৰক্ষিত ৮টা, অ’বিচি/এম’বিচিৰ ৫টা, এছ চিৰ ১টা, এছ টি–পিৰ ২টা, এছ টি–এইচ ১টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷ ইয়াৰ উপৰি মুঠ পদৰ ভিতৰত ১টা পদ দিব্যাংগ প্রার্থীৰ বাবে বিশেষভাৱে সংৰক্ষিত থাকিব৷ আবেদনকাৰীElectrical বিষয়তB.Tech অথবাBachelor ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷

ইয়াৰ উপৰি প্রার্থী অসমীয়া/বেংগলী/বড়ো ভাষাৰ জ্ঞান থকা হ’ব লাগিব৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ৩০,০০০–১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ২৮৫.৪০ টকা, এছ চি/এছ টি/অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৮৫.৪০ টকা পৰিশোধ কৰাৰ বিপৰীতে দাৰিদ্র্য সীমাৰেখাৰ তলৰ আৰু দিব্যাংগ প্রার্থীয়ে ৩৫.৪০ টকা অনলাইন মাধ্যমেৰে এ পি এছ চিৰ হকে পৰিশোধ কৰিব লাগিব৷ অনলাইনযোগে মাচুল পৰিশোধ কৰিবলৈ ৱেবছাইটhttps://assamegras.gov.in/helpdesk আৰু হেল্পলাইন নম্বৰ1800-212-11-88-66 সহায় ল’ব পাৰে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এপিএছচিৰ ৱেবছাইটhttps://apscrecruitment.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ জানুৱাৰী, ২০২০৷ বিজ্ঞাপন আৰু আবেদন সম্পর্কীয় তথ্যপাতিৰ বাবে ই–মেইল[email protected]/হেল্পলাইন নম্বৰ1800-572-23-43ত যোগাযোগ কৰিব পাৰে৷

You might also like