নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যাপক সালসলনিৰে বক্সিং ডে’ টেষ্টত নামিব টীম ইণ্ডিয়াই

এডিলেইডৰ দিবা–নৈশ টেষ্টত তিনিদিনতে বিধ্বস্ত হোৱাৰ পাছত বক্সিং ডে’ টেষ্টখনত ব্যাপক সালসলনিৰে অৱতীর্ণ হ’ব ভাৰতীয় ক্রিকেট দলটোৱে৷ অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টত ভাৰতীয় দলটোৰ মূল একাদশত তিনিজনকৈ খেলুৱৈৰ সালসলনি হোৱাটো খাটাং হৈ পৰিছে৷ এডিলেইড টেষ্টখনত সম্পূর্ণৰূপে ব্যর্থ হোৱা প্রতিভাৱান অ’পেনাৰ পৃথ্বি শ্ব আৰু উইকেট কীপাৰ বেটছমেন ঋদ্ধিমান শ্বাহাই বক্সিং ডে’ টেষ্টখনত বাদ পৰাটো নিশ্চিত৷ অধিনায়ক বিৰাট কোহলি অবিহনে টেষ্টখনত ভাগ ল’বলগীয়া ভাৰতীয় দলটোত প্রতিভাৱান বেটছমেন শুভমন গিলৰ লগতে উইকেট কীপাৰ বেটছমেন লোকেশ ৰাহুল আৰু ঋষভ পণ্টে মূল একাদশত স্থান লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ এডিলেইডৰ নির্লজ্জ পৰাজয়ক পাহৰি এক নতুন উদ্যমেৰে বক্সিং ডে’ টেষ্টখনত অৱতীর্ণ হোৱাৰ চিন্তা–চর্চা কৰিছে টীম ইণ্ডিয়াই৷ \

এডিলেইড টেষ্টৰ দুয়োটা ইনিংছতে সম্পূর্ণ ব্যর্থ হোৱা পৃথ্বি শ্বক লৈ ইতিমধ্যে সমালোচনাৰ সন্মুখীন হৈছে বি চি চি আই৷ টেষ্ট শৃংখলাটোৰ পূর্বে দুয়োখন প্রস্তুতি মেচত সুন্দৰ বেটিং প্রদর্শন দাঙি ধৰা শুভমনৰ পৰিৱর্তে পৃথ্বিক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰাত সমালোচনাৰ পাত্র হৈ পৰিছিল বি চি চি আই৷

ইপিনে পিতৃত্বকালীন ছুটীৰ বাবে স্বদেশলৈ উভতিব লগা হোৱা অধিনায়ক কোহলিৰ স্থানত ৰাহুলক বক্সিং ডে’ টেষ্টৰ মূল একাদশত অন্তর্ভুক্ত কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ইপিনে আঘাতৰ বাবে টেষ্ট শৃংখলাটোৰ পৰা বাহিৰ হোৱা পেচবলাৰ মহম্মদ ছামিৰ স্থানত মহম্মদ ছিৰাজক অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা অধিক৷

You might also like