নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ুসেনাত ২৫৭ পদত নিযুক্তিৰ বিজ্ঞাপন

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত ভাৰতীয় বায়ুসেনাত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বায়ুসেনা কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Multi Tasking Staff (70), House Keeping Staff (43), LDC (11), Clerk Hindi Typist (2), Stenographer Grade-II (3), Store-Superintendent (3), Store Keeper (3), Laundryman (7), Ayah/Ward Sahayika (Only for Female candidates), Carpenter (2), Painter (4), Vulcaniser (2), Civilian Mechanical Transport Driver-Ordinary Grade-CMTD-OG (9), Cook-Ordinary Grade (41), Fireman (8), MESS Staff (49)৷

Multi Tasking Staff পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে Organization/Instituteত Watchman/Lascar/Gestetner Operator/Mali হিচাপে এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৮,০০০ টকা৷House Keeping Staff পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৮,০০০ টকা৷

MESS Staff পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে Organization/Instituteত Waiter/Washer-up হিচাপে এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৮,০০০ টকা৷LDC পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে Typewritter ত প্রতি মিনিটত ইংৰাজীত ৩০টা শব্দ নাইবা Computer ত প্রতি মিনিটত ইংৰাজীত ৩৫টা শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৯,৯০০ টকা৷

Clerk Hindi Typist পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে Typewritterত প্রতি মিনিটত হিন্দীত ২৫টা শব্দ নাইবা Computerত প্রতি মিনিটত হিন্দীত ৩০টা শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৯,৯০০ টকা৷

Stenographer Grade-II পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ১০ মিনিটত ৮০টা শব্দ শ্রুতিলিপি ল’ব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ২৫,৫০০ টকা৷

Store-Superintendent পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে Public/Private খণ্ডৰ অনুষ্ঠান–প্রতিষ্ঠান Stores / Accounts বিভাগত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ২৫,৫০০ টকা৷ Store Keeper পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে Public /Private খণ্ডৰ অনুষ্ঠান–প্রতিষ্ঠানStores/Accounts বিভাগত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৯,৯০০ টকা৷Laundryman পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে Organization/Instituteত Dhobi হিচাপে এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৮,০০০ টকা৷ Ayah/Ward Sahayika (Only for Female candidates) পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে Hospitals/Nursing HomesতAyah হিচাপে এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৮,০০০ টকা৷Carpenter/Painter পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতেITIৰ পৰা Carpenter Rigger/Painterৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ দুয়োটা পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৯,৯০০ টকা৷ Vulcaniser পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৮,০০০ টকা৷Civilian Mechanical Transport Driver-Ordinary Grade-CMTD-OG পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে লঘু/গধুৰ যান–বাহন চলোৱা অনুজ্ঞা–পত্র থকাৰ লগতে সংশ্লিষ্ট খণ্ডত কর্ম অভিজ্ঞতা আৰু যান–বাহন মেৰামতিৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৯,৯০০ টকা৷ Cook-Ordinary Grade পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৯,৯০০ টকা৷ শেষত Fireman পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰাGeneral Fire Figghting Course বিষয়ত প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৯,৯০০ টকা৷ বয়স ১৮–২৫ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ ভাৰতীয় বায়ুসেনাৰ ৱেবছাইট লগ–ইন কৰিব পাৰিব৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন নিজ নিজ ৰাজ্যৰ বায়ুসেনাৰ মুখ্য কার্যালয়ত জমা কৰিব লাগিব৷

আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ মার্চ, ২০২১৷

You might also like