BHEL নিযুক্তি ২০২৫ : ৫১৫টা পদৰ বাবে জাননী প্রকাশ
ভাৰত হেভি ইলেকট্ৰিকেলছ লিমিটেড (BHEL)-এ ৫১৫টা Artisan পদৰ বাবে নিযুক্তি বিজ্ঞপ্তি প্ৰকাশ কৰিছে। ইচ্ছুক আৰু অৰ্হতা থকা প্ৰাৰ্থীসকলে bhel.com ৱেবচাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ১৬ জুলাই, ২০২৫ তাৰিখে আৰম্ভ হ’ব আৰু ১২ আগষ্ট, ২০২৫ তাৰিখে সম্পূৰ্ণ হ’ব।
গুৰুত্বপূর্ণ তাৰিখ
- আবেদন আৰম্ভ : ১৬ জুলাই, ২০২৫
- আবেদনৰ অন্তিম তাৰিখ : ১২ আগষ্ট, ২০২৫
- পৰীক্ষাৰ তাৰিখ : পাছত জনোৱা হ’ব
পদসংখ্যা : ৫১৫ টা
| পদৰ নাম | পদসংখ্যা |
|---|---|
| Fitter | ১৭৬ |
| Welder | ৯৭ |
| Turner | ৫১ |
| Electrician | ৬৫ |
| Machinist | ১০৪ |
| Foundryman | ৪ |
| Electronics Mechanic | ১৮ |
শিক্ষাগত অৰ্হতা
- স্বীকৃত বোর্ড/সংস্থাৰ পৰা ১০ম উত্তীর্ণ আৰু
- সম্বন্ধীয় ITI ট্রেডত ডিপ্লোমা (বা সমমানৰ অৰ্হতা)
বয়সসীমা (১ জুলাই, ২০২৫ অনুসৰি):
- সাধাৰণ/ EWS : ২৭ বছৰ
- OBC (NCL) : ৩০ বছৰ
- SC/ST : ৩২ বছৰ
👉 চৰকাৰী নিয়ম অনুসৰি সংৰক্ষণৰ সুবিধা প্ৰযোজ্য
আবেদন মাচুল
- UR/ OBC/ EWS : ১০৭২ টকা
- SC/ ST/ PWD/ Ex-Servicemen : ৪৭২ টকা
(মাচুল এবাৰ জমা দিলে উভতি দিয়া নহ’ব)
দৰমহা
নিৰ্বাচিত প্ৰাৰ্থীসকলে ২৯,৫০০ – ৬৫,০০০ মাজত মাহিলি বেতন লাভ কৰিব।
প্ৰতিবছৰে বাৎসৰিক বৃদ্ধিৰ ব্যৱস্থাও থাকিব।
BHEL নিযুক্তিৰ বাবে কেনেদৰে আবেদন কৰিব
- bhel.com ৱেবচাইটত যাওক
- Notice Board-ৰ তলত Recruitment Tab খোলক
- Current Openings-ত ক্লিক কৰক
- Register কৰি Login Credential লাভ কৰক
- Login কৰি আবেদন ফৰ্ম পূৰণ কৰক
- প্ৰয়োজনীয় ডকুমেন্ট Upload কৰক
- Fee জমা দিয়ক
- ফৰ্ম Submit কৰি Printout সংৰক্ষণ কৰি ৰাখক
অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি BHEL-ৰ চৰকাৰী ৱেবচাইট ভিজিট কৰক।