নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ সর্বাধিক উন্নতি হোৱা ৰাজ্যৰ সন্মান অসমলৈ

ইণ্ডিয়া টুডে’ৰ ‘ষ্টেট অৱ দ্য ষ্টেটছ ষ্টাডী’

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধত ব্যাপক সফলতাৰ লগতে একাধিক উন্নয়নমূলক কাম–কাজেৰে দেশৰ কেইবাখনো বৃহৎ ৰাজ্যক চেৰ পেলাই পুনৰ উজলিল অসম৷ উল্লেখ্য যে ইণ্ডিয়া টুডে’ৰ ষ্টেট অৱ দ্য ষ্টেটছ ষ্টাডী শীর্ষক সমীক্ষাত দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত সর্বাধিক উন্নতি ঘটোৱা ৰাজ্য হিচাপে অসমে শীর্ষস্থান লাভ কৰিছে৷ সমীক্ষাটোৰ মতে, সামগ্রিকভাৱে উন্নয়নৰ ক্ষেত্রত অসমে অন্ধ্রপ্রদেশ, মধ্যপ্রদেশৰ দৰে ৰাজ্যকো চেৰ পেলাইছে৷ অসম স্বীকৃত হৈছে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত সর্বাধিক উন্নতি ঘটোৱা ২০২০ বর্ষৰ শ্রেষ্ঠ ৰাজ্য হিচাপে৷ উল্লেখ্য যে সমীক্ষাটোত নির্ধাৰণ কৰা দুহেজাৰ পইণ্টৰ ভিতৰত অসমে লাভ কৰিছে ১২২২.৩ পইণ্ট৷ ইয়াৰ বিপৰীতে অন্ধ্রপ্রদেশে দ্বিতীয় স্থানত থাকি ১১৪৯.৮ পইণ্ট আৰু মধ্যপ্রদেশে ১১৪৭.১ পইণ্ট৷ ইফালে সৰু ৰাজ্য হিচাপে সর্বাধিক উন্নয়ন ঘটা মণিপুৰে শীর্ষস্থান লাভ কৰিছে৷ ইণ্ডিয়া টুডে’ই দেশৰ সকলো ৰাজ্যক সামৰি কৰা এই সমীক্ষাত সকলোতে শ্রেষ্ঠ পাৰদর্শিতা দেখুওৱা বৃহৎ ৰাজ্য হিচাপে তামিলনাডু শীর্ষস্থান আৰু সৰু ৰাজ্য হিচাপে গোৱা শ্রেষ্ঠ প্রতিপন্ন হৈছে৷ মন কৰিবলগীয়া যে ক’ৰোনাৰ পৰিৱেশ চম্ভালাৰ ক্ষেত্রত অসমে দেখুওৱা চমকপ্রদ সাফল্যৰ বাবে সর্বাধিক পইণ্ট সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ ক’ৰোনাত মৃত্যুৰ হাৰ হ্রাস কৰি ৰখা, সর্বাধিক ক’ৰোনা পৰীক্ষা সম্পন্ন কৰা, চিকিৎসালয়ত আই চি ইউৰ বিছনা বৃদ্ধি কৰা, ক’ভিড কেয়াৰ চেণ্টাৰৰ নির্মাণ আদিৰে ক’ৰোনা চম্ভালাত সক্ষম হোৱা বাবে এই সমীক্ষাত বিশেষ সাফল্য লাভ কৰিছে অসমে৷ ইফালে ইণ্ডিয়া টুডে’ৰ সমীক্ষাত সর্বাধিক উন্নয়ন ঘটা ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক শুভেচ্ছা জনাইছে ৰাজ্যিক বিজেপিয়ে৷ এক বিবৃতিত দলৰ ৰাজ্যিক মুখপাত্র জানকী খাউণ্ডে উল্লেখ কৰিছে যে চৰকাৰখনে সকলো প্রতিশ্রুতি কার্যকৰী কৰাৰ লগতে সকলোকে লগত লৈ, সকলোৰে বিকাশৰ নীতিৰে দিনে–নিশাই কাম কৰাৰ বাবে এই স্বীকৃতি লাভ কৰিছে৷

You might also like