নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ত খালী পদৰ বিজ্ঞাপন

ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় (ইগন’)ত অর্হতাসম্পন্ন, আগ্রহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ প্রতিষ্ঠানৰ ৱেবছাইটত ইতিমধ্যে এই পদসমূহৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ টেকনিকেল এছিছটেণ্ট আৰু টেকনিকেল মেনেজাৰ পদত নিয়োগৰ বাবে প্রকাশিত হৈছে বিজ্ঞাপন৷ মুঠ খালী পদৰ সংখ্যা ১২টা৷ টেকনিকেল এছিছটেণ্ট পদত প্রতিমাহে দৰমহা দিয়া হ’ব ৯,৩০০ টকাৰ পৰা ৩৪,৮০০ টকা৷ আবেদনৰ বাবে প্রার্থীসকলৰ কোনো স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা এমচিএ/কম্পিউটাৰ ছায়েঞ্চ অথবা ইনফৰেমেচন টেকন’লজীত টেকন’লজী বিষয়ত ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ কম্পিউটাৰ ছায়েঞ্চত স্নাতকোত্তৰ ডিগ্রী থকাসকলেও আবেদন জনাব পাৰিব৷ প্রার্থীসকলৰ বয়স ৩৭ বছৰৰ ভিতৰত হ’ব লাগিব৷ টেকনিকেল মেনেজাৰ পদত আবেদনৰ ক্ষেত্রত বয়স ৪২ বছৰৰ ভিতৰত হোৱা প্রয়োজন৷ টেকনিকেল মেনেজাৰ পদত আবেদনৰ ক্ষেত্রত বয়স ৪২ বছৰৰ ভিতৰত হ’ব লাগিব৷ প্রার্থীসকলে প্রতিমাহে ১৫,৬০০ টকাৰ পৰা ৪৯,১০০ টকা দৰমহা লাভ কৰিব৷ অন্য প্রয়োজনীয় যোগ্যতা টেকনিকেল এছিছটেণ্ট পদৰ নিচিনাই৷ তদুপৰি অধিক যোগ্যতাৰ বিষয়ে জানিবলৈ মূল বিজ্ঞাপন চাব পাৰে৷ ইয়াৰ বাবে প্রার্থীসকলে প্রথমে ইগন’ৰ ৱেবছাইটলৈ যাব লাগিব৷ হোমপেজৰ পৰা সংশ্লিষ্ট বিজ্ঞাপনলৈ গৈ তাত দিয়া তথ্য অনুসৰি অনলাইনত আবেদন প্রক্রিয়া সম্পূর্ণ কৰিব লাগিব৷ এই সম্পর্কীয় বিস্তাৰিত তথ্য জানিবলৈ মূল বিজ্ঞাপন চাব লাগিব৷ আবেদনৰ অন্তিম তাৰিখ ৮ আগষ্ট৷

You might also like