নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দুস্তান এৰ’নটিকছত এপ্রেনটিচ পদত নিয়োগৰ সুযোগ

ইঞ্জিনীয়াৰিঙৰ ডিপ্ল’মাধাৰীসকলৰ বাবে আহিছে কামৰ সুযোগ৷ হিন্দুস্তান এৰ’নটিকছ লিমিটেডত এপ্রেনটিচ নিয়োগ কৰা হ’ব৷ প্রার্থীসকলক দিয়া হ’ব এবছৰৰ প্রশিক্ষণ৷ এৰ’নটিকেল, এৰ’স্পেচ, এয়াৰক্রাফট মেণ্টেনেঞ্চ, মেকানিকেল, ইণ্ডাষ্ট্রিয়েল, প্রডাকচন, মেকাট্রনিকছ, মেটালার্জি এণ্ড মেটাৰিয়েল ছায়েঞ্চ, ইলেক্ট্রিকেল, ইলেক্ট্রিকেল এণ্ড ইলেক্ট্রনিকছ, কম্পিউটাৰ, কম্পিউটাৰ ছায়েঞ্চ এণ্ড টেকন’লজী, কম্পিউটাৰ ছায়েঞ্চ এণ্ড ইঞ্জিনীয়াৰিং, ইনফৰমেচন ছায়েঞ্চ এণ্ড টেকন’লজী, ইনফৰমেচন টেকন’লজী, ইলেক্ট্রনিকছ এণ্ড কমিউনিকেচন, ইলেক্ট্রনিকছ এণ্ড টেলিকমিউনিকেচন, চিভিল, কেমিকেল, পলিমাৰ ছায়েঞ্চৰ ভিতৰত যিকোনো এটা বিষয়ত ডিপ্ল’মা থকা প্রার্থীসকলক প্রশিক্ষণ দিয়া হ’ব৷ প্রার্থীসকলৰ নূ্যনতম ৬০ শতাংশ নম্বৰ থাকিব লাগিব৷ ২০২০ অথবা তাৰ পৰৱর্তী শিক্ষা বর্ষত যিসকলক পঢ়ুৱৈয়ে উল্লিখিত বিষয়ত ডিপ্ল’মা লাভ কৰিছে, তেওঁলোকে আবেদন জনাব পাৰিব৷ প্রার্থীসকলৰ নাম নেচনেল এপ্রেনটিচশ্বিপ ট্রেইনিং স্কিমত অন্তর্ভুক্ত থাকিলে তেওঁলোকৰ আবেদন গ্রহণ কৰা নহ’ব৷ প্রার্থীসকলে হিন্দুস্তান এৰ’নটিকছ লিমিটেডৰ ৱেবছাইটলৈ গৈ কিউআৰ কোড স্কেন কৰি আবেদন কৰিব লাগিব৷ ইয়াৰ লগতে এখন প্র–পত্র অনলাইনযোগে পূৰণ কৰিব লাগিব৷ তেতিয়াহে প্রার্থীসকলৰ আবেদন প্রক্রিয়া সম্পূর্ণ হ’ব৷ প্রশিক্ষণৰ সময়ত প্রার্থীসকলক মাহিলি ৮,০০০ টকা ভাট্টা দিয়া হ’ব৷ প্রার্থীসকলক শিক্ষাগত অর্হতাৰ ভিত্তিত মেধাৰ ওপৰত নির্ভৰ কৰি নিযুক্তি প্রদান কৰিব৷ আবেদনৰ অন্তিম দিন ২১ জুলাই৷ সেই বিষয়ে বিস্তাৰিত তথ্য জানিবলৈ সংস্থাৰ ৱেবছাইট চাব লাগিব৷

You might also like