নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় উপকূলৰক্ষী বাহিনীত ৫০ পদ, শেষ দিন ৭ ডিচেম্বৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত পৰিচালিত ভাৰতীয় উপকূল বাহিনীত(Indian Coast Guard) মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Domestic Branchত পূৰণ হ’বলগীয়া নাৱিকৰ পদকেইটাCook & Steward শিতানত পূৰণ কৰা হ’ব৷ মুঠ খালী পদ ৫০টাৰ ভিতৰত অসংৰক্ষিত ২০টা, অ’বিচিৰ ১৪টা, এছ টিৰ ৩টা, এছ চিৰ ৮টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৫টা পদ সংৰক্ষিত থাকিব৷

আবেদনকাৰী গড়ে ৫০ শতাংশ নম্বৰেৰে চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/শিক্ষানুষ্ঠানৰ পৰা দশম শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থীয়ে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী ক্রীড়া প্রতিযোগিতাত দেশ অথবা ৰাজ্যক প্রতিনিধিত্ব কৰা হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স ১ এপ্রিল, ২০২১লৈ ১৮–২২ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

নিযুক্তিপ্রাপ্তই প্রাৰম্ভিক পর্যায়ত মাহে ২১,৭০০ টকাকৈ লাভ কৰিব৷ পৰৱর্তী পর্যায়ত প্রধান অধিকাৰী পদলৈ পদোন্নতি পোৱাৰ পিছত মাহে ৪৭,৬০০ টকাসহ অন্যান্য ভাট্টা লাভ কৰিব৷ পদপ্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ৱেবছাইটwww.joinindiancoastguard.gov.in লগ–ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ ডিচেম্বৰ, ২০২০৷

You might also like