নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিলিটেৰী ইঞ্জিনীয়াৰ ছার্ভিচেছত ৫৭২ চাকৰি

Pillars of Corps of Engineers of India আৰু দেশৰ বৃহত্তমConstruction,Maintenence Agency মিলিটেৰী ইঞ্জিনীয়াৰ ছার্ভিচেছ(Military Engineer Services)ত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিBrig, Chief Engineer, HQ Chief Engineer Pune Zone আৰুChief Engineer, Jt. Director General (Pers & Trg)–এ এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Draughtsman-All Commandsৰ ১১৪ আৰুSupervisor B/S-All Commandsৰ ৪৫৮ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷Draughtsman পদৰ প্রার্থীArchitectural Assistanship বিষয়তUniversity/Institutionৰ পৰা ডিপ্লমাধাৰী হোৱাৰ লগতেAuto Cad, Operation of Xerox, Printing & Lamination Machine বিষয়ত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ১৮–৩০ বছৰ৷ দৰমহাৰ নিৰিখ ৩৫,৪০০–১,১২,৪০০ টকা৷ আনহাতে,Supervisor B/S পদৰ প্রার্থীEconomics/Commerce/Statistics/Business Studies/Public Administration বিষয়তUniversity/Institutionৰ পৰা স্নাতকোত্তৰ হোৱাৰ লগতেCentral Government/State Government/Statutory Organisation/Autonomous Organisation/Public Sector Undertaking/University/Institution/Bank Private Sector Organisation/Stock Exchange (s) of IndiaৰStoreতStores & Keeping Accountsৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ বয়স ১৮–৩০ বছৰ৷ দৰমহাৰ নিৰিখ ৩৫,৪০০–১,১২,৪০০ টকা৷ মুঠ পদ ৫০২টাৰ ভিতৰত অসংৰক্ষিত ২০৪টা, এছচিৰ ৭৭টা, এছটিৰ ৩৭টা, অ’বিচিৰ ১৩৪টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৫০টা পদ সংৰক্ষিত থাকিব৷

আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ১০০ টকা অনলাইন মাধ্যমেৰে মিলিটেৰী ইঞ্জিনীয়াৰ ছার্ভিচেছৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছচি, এছটি, দিব্যাংগ, মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ পৰীক্ষাAllahabad, Bareilly, Bathinda, Bengaluru, Bhopal, Chandigarh, Chennai, Dehradun, Delhi, Gandhinagar, Guwahati, Jabalpur, Jaipur, Kochi, Kolkata, Lucknow, Nagpur, Pathankot, Port Blair, Pune, Ranchi, Secunderbad, Shillong, Siliguri, Udhampur (J&K), Vizagত অনুষ্ঠিত হ’ব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ মিলিটেৰী ইঞ্জিনীয়াৰিং ছার্ভিচেছৰ ৱেবছাইটwww.mes.gov.in & https://www.mesgovonline.com/mesdmsk/ & https://mes.gov.in/ লগ–ইন কৰিব পাৰে৷ বাছনি পৰীক্ষা ২০ জুন, ২০২১ত অনুষ্ঠিত হ’ব৷

You might also like