নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ুসেনাত ৩৩৪ পদ খালী

 কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ভাৰতীয় বায়ুসেনা বাহিনী(Indian Air Force)ত মুকলি হৈছে নিযুক্তি লাভৰ সুযোগ৷ যোগ্য ভাৰতীয় পুৰুষ–মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷Commissioned Officerৰ উক্ত পদসমূহFlying আৰুGround Duty Technical & Non-Technical) বিভাগত পূৰণ কৰা হ’ব৷

AFCAT Entry শিতানৰFlying (SSC) বিভাগত ৯৬টা,Ground Duty (Technical) বিভাগত ১৩৭টা আৰুGround Duty (Non-Technical) বিভাগত ৭৩টা পদ পূৰণ কৰা হ’ব৷NCC Special Entry শিতানৰFlying Officerৰ ১০ শতাংশ পদ সংৰক্ষিত থাকিব৷Meteorology শিতানত ২৮টা পদ থাকিব৷Flying বিভাগৰ প্রার্থীৰ বয়স ১ জুলাই ২০২২লৈ ২০–২৪ বছৰৰ হ’ব লাগিব৷

অৱশ্যে প্রার্থীৰ জন্ম ২ জুলাই ১৯৯৮ আৰু ১ জুলাই ২০০২ৰ ভিতৰত হোৱাটো বাঞ্ছনীয়৷ আনহাতেGround Duty Technical & Non-Technical) পদৰ প্রার্থীৰ বয়স ১ জুলাইত ২০২২লৈ ২০–২৬ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২ জুলাই ১৯৯৬ আৰু ১ জুলাই ২০০২ৰ ভিতৰত হোৱাটো বাঞ্ছনীয়৷Flying পদৰ প্রার্থীৰ গণিত আৰু পদার্থ বিজ্ঞান বিষয়ত গড়ে ৬০ শতাংশ নম্বৰেৰে দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা আৰু স্নাতক ডিগ্রীধাৰী অথবা ডিই বি–টেক ডিগ্রীধাৰী  হোৱা হ’ব লাগিব৷

আনহাতেGround Duty (Technical) পদৰ প্রার্থী গণিত আৰু পদার্থ বিজ্ঞান বিষয়ত গড়ে ৬০ শতাংশ নম্বৰেৰে দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ইঞ্জিনীয়াৰিঙৰ ডিগ্রীধাৰী হ’ব লাগিব৷ শেষতGround Duty (Non-Technical) পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷Flying Officerৰ পদৰ প্রার্থীয়ে মাহে ৫৬,১০০–১,৭৩,৫০০ টকাসহ ১৫,৫০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈIndian Air Forceৰ ৱেবছাইট https ://careerindianairforce.cdac.in & https ://afcat.cdac.in লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ জুন ২০২১৷ 

You might also like