নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌসেনা বাহিনীত ৫০ পদৰ বিজ্ঞাপন

আবেদনৰ অন্তিম তাৰিখ ২৬ জুন

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় নৌ বাহিনীত(Indian Navy) ৫০ পদত অবিবাহিত পুৰুষ প্রার্থী নিয়োগৰ যো–জা চলিছে৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, মুঠ পদ ৫০টাৰ ভিতৰত General Service (Executive)-GS-Xত ৪৭টা পদ পূৰণ কৰাৰ বিপৰীতে বাকী ৩টা পদHydro Cadre বিভাগত পূৰণ কৰা হ’ব৷ আবেদনকাৰীৰ জন্ম ১ জানুৱাৰী, ১৯৯৭ আৰু ১ জুলাই, ২০০২ৰ ভিতৰত হোৱা হ’ব লাগিব৷ প্রার্থী গড়ে ৬০ শতাংশ নম্বৰেৰেB.E./B.Tech. উত্তীর্ণ হোৱা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই নৌসেনা বাহিনীৰ বিধিগত নিয়ম অনুসৰি মাহিলি পাৰিতোষিক লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্য, পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইট  https://www.joinindiannavy.gov.in/en/account/account/statehttp://& www.davp.nic.in/WriteReadData/ADS/eng_10701_3_2122b.pdf লগ–ইন কৰিব পাৰে৷

আবেদন দাখিল প্রক্রিয়া ১২ জুনৰ পৰা ২৬ জুন, ২০২১লৈ অব্যাহত থাকিব৷ পদকেইটাIndian Naval Academy (INA), Ezhimala, Keralaত পূৰণ কৰা হ’ব৷

You might also like