নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’এনজিচিত ৮৭১ পদ খালীঃ শীঘ্ৰে কৰক আবেদন

অইল এণ্ড নেচাৰেল গেছ কর্প’ৰেচন লিমিটেড(Oil & Natural Gas Corporation Ltd.) চমুকৈ অ’এনজিচি(ONGC) অর্থাৎ তেল আৰু প্রাকৃতিক গেছ নিগম লিমিটেডত খালী হৈছেGraduate Traineeৰ ৮৭১ পদ৷ পদসমূহ অ’এনজিচিৰ Engineering আৰ Geo-Sciences Disciplineত পূৰণ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ONGC, Tel Bhawan, DehradunৰGM(HR)-Incharge Corporate Recruitment–এ এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে AEE (Cementing)-Mechanical (13), AE (Cementing)-Petroleum (4), AEE-Civil (29), AEE (Drilling)-Mechanical (121), AEE (Drilling)-Petroleum (20), AEE-Electrical (101), AEE-Electronics (22), AEE-Instrumentation (53), AEE-Mechanical (103), AEE (Production)-Mechanical (39), AEE (Production)-Chemical (60), AEE (Production)-Petroleum (32), AEE-Environment (11), AEE-Reservoir (33), Chemist (39), Geologist (55), Geophysicist-Surface (54), Geophysicist-Wells (24), Programming Officer (13), Materials Management Officer (32), Transport Officer (13)৷

AEE (Cementing)-Mechanical, AEE (Drilling)-Mechanical, AEE-Mechanical, AEE (Production)-Mechanical, Transport Officer পদৰ প্রার্থীMechanical Engineering/Auto Engineeringৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷AE (Cementing)-Petroleum, AEE (Drilling)-Petroleum, AEE (Production)-Petroleum পদৰ প্রার্থীPetroleum Engineering/Applied Petroleum Engineeringৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷AEE-Civil পদৰ প্রার্থীCivil Engineeringৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷AEE-Electrical পদৰ প্রার্থীElectrical Engineeringৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷AEE-Electronics পদৰ প্রার্থীElectronics Engineering/Telecom Engineering/E&T Engineeringৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷AEE-Instrumentation পদৰ প্রার্থীInstrumentation Engineeringৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷AEE-Environment পদৰ প্রার্থীEnvironment Engineering/Environment Science বিষয়তEngineeringৰ ডিগ্রীধাৰী নাইবাM.E./M.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ AEE-Reservoir পদৰ প্রার্থীGeophysics/Geology/Chemistry/Mathematics/Physics/Petroleum Technology/Chemical Engineering/Petroleum Engineeringৰ স্নাতকোত্তৰ হোৱা হ’ব লাগিব৷Chemist পদৰ প্রার্থীChemistry বিষয়ত স্নাতকোত্তৰ হোৱা হ’ব লাগিব৷ Geologist পদৰ প্রার্থী Geology বিষয়ত স্নাতকোত্তৰ অথবা Petroleum Geoscience/Petroleum Geology/Geological Technology বিষয়তM.Sc./M.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব Geophysicist-Surface, Geophysicist-Wells পদৰ প্রার্থী Geophysics বিষয়ত স্নাতকোত্তৰ অথবাGeophysics/Geophysical Technology বিষয়ত M.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ Programming Officer পদৰ প্রার্থীComputer Engineering/Information Technology বিষয়ত স্নাতক অথব MCA/Computer Science বিষয়ত স্নাতকোত্তৰ হোৱা হ’ব লাগিব৷ Materials Management Officer পদৰ প্রার্থীEngineeringৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ মাহে ৬০,০০০–১,৮০,০০০ টকা লাভ কৰিব৷ বয়স ৩১ জুলাই, ২০২২লৈ ২৮–৩০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ৩০০ টকা অ’এনজিচিৰ হকে পৰিশোধ কৰাৰ বিপৰীতে এছ চি, এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে কোনোধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ONGCৰ ৱেবছাইট https://recruitment.ongc.co.in লগ–ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ অক্টোবৰ, ২০২২৷

You might also like