নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেওঁলোকক চিঙ্কি, চাইনীজ বুলি হাঁহে, ভাড়াত নিদিয়ে ঘৰ! এতিয়া সেই মণিপুৰী যুৱতীয়ে অলিম্পিকত পদক আনি নাক বচালে আপোনালোকৰ…

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ এটা সময়ত ইম্ফলৰ দুর্গম পাহাৰীয়া অঞ্চলৰ পৰা কান্ধত খৰিৰ বোজা কঢ়িয়াই দৰিদ্র পিতৃ–মাতৃক সহায় কৰা এগৰাকী মণিপুৰী কন্যাক লৈ আজি সমগ্র দেশ গৌৰৱান্বিত৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত ঐতিহাসিক সাফল্যৰে টকিঅ’ৰ পৰা দেশলৈ সু–সংবাদ কঢ়িয়াই অনা এইগৰাকী দৃঢ়মনা মণিপুৰী কন্যা হ’ল দেশৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানু৷

২৬ বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে শনিবাৰে টকিঅ’ অলিম্পিকৰ দ্বিতীয় দিনাই ভাৰতক ৰূপৰ পদক উপহাৰ দিয়ে৷ ৪৯ কেজি ওজন শাখাত মীৰাবাঈয়ে মুঠ ২০২ কেজি উত্তোলন কৰি ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হয়৷ এই প্রদর্শনৰ সুবাদত উত্তৰ–পূবৰ ভাৰোত্তোলকগৰাকীয়ে দেশবাসীৰ ২১ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই অলিম্পিকৰ ভাৰোত্তোলন ইভেণ্টত প্রথমটো পদক জয় কৰে৷

কিন্তু ইয়াৰ মাজতে উত্তৰ-পূবৰ লোকৰ প্ৰতি দেশৰ অন্য প্ৰান্তৰ লোকৰ মানসিকতাক লৈ সৰৱ হৈ পৰিছে অভেনত্ৰী ৰেখা।

ছ’চিয়েল মিডিয়াযোগে অভিনেত্ৰী ৰেখাই নিজৰ ক্ষোভ উজাৰি কয়, যদি আপুনি এই ছোৱালীবোৰক দিল্লীত দেখে, আপুনি তেওঁলোকক চিঙ্কি, চাইনীজ আৰু কি কি নামেৰে মাতে? আপোনালোকে তেওঁলোকক ভাড়াত ঘৰ নিদিয়ে। তেওঁলোকক সকলো ক্ষেত্ৰতে সন্দেহ কৰা হয়। তেওঁলোকৰ ওপৰত আপোনালোকে উৎপীড়ন কৰে।

কিন্তু যেতিয়া এই মণিপুৰী ছোৱালীবোৰে অলিম্পিকত পদক আনি আপোনাৰ নাক ৰক্ষা কৰে, আপুনি তেওঁলোকক দেশৰ গৌৰৱ বুলি কোৱা আৰম্ভ কৰে।

বহুতো পদকৰ সৈতে মণিপুৰৰ এই ছোৱালীবোৰে কেৱল প্ৰতিবাৰেই দেশৰ নাম উজ্জল কৰে লগতে আপোনালোকৰ মুখতো থু মাৰে। এইবাৰ মীৰাবাই চানুৱেও একেটা কামে কৰিছে।

তেওঁৰ বাবে মই গৌৰৱান্বিত আৰু ধিক্কাৰ আপোনাৰ মানসিকতাৰ ওপৰত।”

You might also like